বিশাখাপট্টনমত জয়ছোৱালৰ ‘যশস্বী’ ইনিংছঃ প্ৰথম দিনা ৬ উইকেটত ৩৩৬ ৰাণ সংগ্ৰহ ভাৰতৰ

India vs England Yashasvi Jaiswal

আজিৰ পৰা বিশাখাপট্টনমত আৰম্ভ হৈছে ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। আজি প্ৰথমদিনা ইংলেণ্ডৰ বলিং আক্ৰমণক প্ৰতিহত কৰি অনন্য ৰূপত উজলি উঠে যুৱ তাৰকা যশস্বী জয়ছোৱাল।

একপ্ৰকাৰে অকলেই ইংৰাজ বাহিনীৰ সমুখত প্ৰতিৰোধ গঢ়ি তুলি যশস্বীয়ে ১৭৯ ৰাণ এক মাৰাথান ইনিংছ খেলি অপৰাজিত হৈ আছে। যশস্বীৰ এই অনবদ্য ইনিংছটোৰ সহায়ত ভাৰতে আজি খেল সামৰণিলৈকে ৬ উইকেটত ৩৩৬ ৰাণ সংগ্ৰহ কৰিছে।

অৱশ্যে তেওঁৰ বাদে আজি ক্ৰীজত দীঘলীয়া সময়ৰ বাবে খোপনি পতাত ব্যৰ্থ হয় আন বেটাৰসকল। টছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়।

জয়ছোৱাল আৰু ৰোহিতে প্ৰথম উইকেটত ৪০ ৰাণ যোগ দিয়াৰ পিছত ব্যক্তিগত ১৪ ৰাণত বিদায় লয় ৰোহিতে। ইংলেণ্ডৰ অভিষেককাৰী স্পিনাৰ শ্বোৱেইব বাছিৰে বিদায় দিটে ৰোহিতক।

ইয়াৰ পিছত গিল আৰু জয়ছোৱালৰ মাজত দ্বিতীয় উইকেটত যোগ হয় ৪৯ ৰাণ। কিন্তু সুদৃঢ় আৰম্ভণিক দীঘলীয়া ইনিংছৰ ৰূপ দিয়াত ব্যৰ্থ হয় গিল (৩৪) আৰু অভিজ্ঞ তাৰকা এণ্ডাৰচনৰ বলত উইকেটৰক্ষক ফ’কছৰ হাতত কেচ দি পেভিলিয়নমুখী হয়।

গিলৰ উইকেট পতনৰ পিছতে ৰাণৰ গতি কিছু খৰতকীয়া কৰি তোলে যশস্বীয়ে। যুৱ তাৰকাগৰাকীয়ে তৃতীয় উইকেটত আয়াৰৰ সৈতে ৯০ ৰাণৰ যুটী বান্ধে, ইয়াৰে ২৭ ৰাণ আহে আয়াৰৰ বেটৰ পৰা।

আয়াৰৰ ৰূপত ভাৰতৰ তৃতীয়টো উইকেটৰ পতন ঘটাৰ পিছত ক্ৰীজলৈ আহে আজি টেষ্ট অভিষেক ঘটোৱা ৰজত পাটিদাৰ। যথেষ্ট আত্মবিশ্বাসেৰে পাটিদাৰে নিজৰ ইনিংছ আগুৱাই নিয়ে যদিও ব্যক্তিগত ৩২ ৰাণত ৰেহাণ আহমেদৰ বলত বিদায় লয়।

২৪৯ ৰাণত ভাৰতে চতুৰ্থটো উইকেট পতনৰ পিছত ক্ৰীজত জয়ছোৱালক সংগ দিয়ে অক্ষৰ পেটেলে। দুয়ো পঞ্চম উইকেটত ৫২ ৰাণ যোগ দিয়ে যদিও বেছি সময় নিটিকে অক্ষৰো আৰু ২৭ ৰাণ কৰি পেভিলিয়নলৈ উভতে।

উইকেটৰক্ষক শ্ৰীকাৰ ভৰতেও ইংলেণ্ড বলিং আক্ৰমণক প্ৰতিহত কৰাত বিশেষ সফল নহ’ল। তেওঁৰ বেটৰ পৰা আহে ১৭ ৰাণ। উইকেটৰ এটা মূৰত এইদৰে উইকেট পতনৰ পিছতো আনটো মূৰত দুৰন্ত ৰূপত থিয় দি ৰয় জয়ছোৱাল।

ইংলেণ্ডৰ বলিং আক্ৰমণৰ কাৰণে মূৰৰ কামোৰণি হৈ পৰা জয়ছোৱালে ২৫৭টা বলত ১৭ টা চাৰি আৰু ৫ টা ছয়েৰে অপৰাজিত ১৭৯ ৰাণ সংগ্ৰহ কৰি প্ৰায় এককভাৱে ভাৰতৰ প্ৰথমদিনাৰ স্ক’ৰ ৩৩৬ ৰাণলৈ লৈ যায়।

তেওঁৰ সৈতে দিনটোৰ শেষত অপৰাজিত হৈ ৰয় অশ্বিন (৫)। ইংলেণ্ডৰ হৈ দুই স্পিনাৰ বাছিৰ আৰু ৰেহাণে দুটাকৈ উইকেট লাভ কৰিছে। এটাকৈ উইকেট গৈছে অভিজ্ঞ পেচাৰ এণ্ডাৰচন আৰু প্ৰথম টেষ্টত ইংলেণ্ডৰ জয়ৰ অন্যতম নায়খাৰ্টলীৰ হাতলৈ।

হাতত এতিয়াও চাৰিটা উইকেট বাকী থকা অৱস্থাত ভাৰতীয় দলে প্ৰথম ইনিংছত আৰু কিমান ৰাণ যোগ দিব পাৰিব সেয়া হ’ব লক্ষণীয়। অৱশ্যে এইক্ষেত্ৰত জয়ছোৱালৰ ভূমিকাই হ’ব প্ৰধান। যুৱ তাৰকাগৰাকীয়ে কাইলৈ নিজৰ কেৰিয়াৰত প্ৰথমটো দ্বিশতক সংগ্ৰহৰ সুৱৰ্ণ সুযোগ লাভ কৰিব।