জ্যোতি নৰসিংহানন্দৰ বিৰুদ্ধে পুনৰ ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগ; দাখিল এজাহাৰ

সাধু জোতি নৰসিংহানন্দ। ফাইল ফটো।

দেওবাৰে নতুন দিল্লীৰ মুখাৰ্জী নগৰত হিন্দু মহাসভাৰ দ্বাৰা আয়োজন কৰা সাধু সন্মিলন ‘হিন্দু মহাপঞ্চায়ত’ত পুনৰ ধৰ্মীয় ঘৃণা বিয়পোৱাৰ অভিযোগ উঠিছে। প্ৰায় দুহেজাৰ সাধু উপস্থিত থকা এই সন্মিলনত জ্যোতি নৰসিংহানন্দ আছিল অন্যতম।

উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ সাধু সন্মিলনত নৰসিংহানন্দই ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান তেওঁ জামিনত মুকলি হৈছে।

কিন্তু এইবাৰ পুনৰ ঘৃণা ভৰা ভাষণ দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে সাধু নৰসিংহানন্দৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক: অৰ্থনৈতিক সংকটত বিধ্বস্ত শ্ৰীলংকা! প্ৰধানমন্ত্ৰীৰ বাদে সকলো কেবিনেট মন্ত্ৰীৰ পদত্যাগ

জ্যোতি নৰসিংহানন্দই ভাষণ দিয়া এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে য’ত তেওঁ কোৱা শুনা গৈছে, ‘আপোনালোকে ভগ্নী আৰু কন্যাসকলক ৰক্ষা কৰাৰ বাবে হাতত অস্ত্ৰ তুলি লওক’।  

ভিডিঅ’টোত লগতে কোৱা শুনা যায়,’’আমাৰ দেশত ২০৩৯চনৰ ভিতৰত এজন মুছলমান প্ৰধানমন্ত্ৰী হ’ব’।

তেওঁ কয়,’’আদালতত আমি জয়লাভ কৰিছো। এতিয়া ৰাম জনমভূমিত মন্দিৰ নিৰ্মাণ হৈছে। কিন্তু মুছলমানসকলে শপত খাইছে, দেশত যেতিয়া মুছলমান শাসন(নিজাম) গঠন হ’ব তেতিয়া প্ৰথমতে তেওঁলোকে ৰাম মন্দিৰ ধ্বংস কৰিব।‘’

সাধু নৰসিংহানন্দই কাশ্মীৰ ফাইলছৰ প্ৰসংগ তুলি ধৰি কয়,’’কাশ্মীৰি পণ্ডিতসকল এসময়ত যিদৰে তেওঁলোকৰ মাটি, ভগ্নী, কন্যাসকলক এৰি পলাবলৈ বাধ্য হৈছিল, সেই দৃশ্যই দেশৰ আন প্ৰান্ততো আগন্তুক দিনত দেখা যাব।‘’

লগতে পঢ়ক: অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ; কাণত ধৰি খুজিলে ক্ষমা

জানিব পৰা মতে, এই সাধু সন্মিলনৰ বাবে দিল্লী চৰকাৰৰ পৰা কোনো অনুমিত লোৱা হোৱা নাছিল। তদুপৰি, এই সন্মিলনৰ সময়ছোৱাত সাধুসকলে কেইবাগৰাকীও সাংবাদিকক মাৰপিট কৰাৰো অভিযোগ উঠিছে।