NORTHEAST NOW (Assamese)

প্ৰতিবাদ নৰজিলঃ জেনেটিক সৰিয়হৰ উৎপাদনত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে

October 26, 2022 5:36 pm · এন ই নাও নিউজ,গুৱাহাটী

পৰিবেশবিদকে ধৰি খাদ্য বিশেষজ্ঞসকলৰ প্ৰতিবাদৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আজি দেশত চৰকাৰে জেনেটিক সৰিয়হৰ উৎপাদনত অনুমোদন জনায়। এনে ধরমর জেনেটিক খাদ্যই মানৱ দেহত বৰূপ প্ৰভাৱ পেলাব পাৰে বুলি আলোচনা হৈ থকাৰ মাজতে চৰকাৰে এই ক্ষেত্ৰত অনুমোদন জনায়।

আজি পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ জেনেটেকিক ইঞ্জিনিয়াৰিং এপ্ৰেচিচাল কমিটিয়ে (জিইএচি) আনুবংশিকভাৱে পৰিৱৰ্তিত সৰিয়হ (জিএম সৰিয়হ) খেতিত অনুমোদন জনাইছে। জিন প্ৰযুক্তি নিয়ন্ত্ৰক জিইএচিয়ে কয় যে প্ৰাথমিক পৰ্যৱেক্ষণ আৰু পৰীক্ষাৰ পিছত বিশেষজ্ঞসকলৰ মতামতৰ ভিত্তিত জিএম সৰিয়হৰ বাণিজ্যিক খেতিৰ বাবে অনুমোদন দিয়া হৈছে। অতীতত ওৰিশাত জিন-পৰিৱৰ্তিত বিটি বেঙেনা খেতিত পৰিৱেশ প্ৰদূষণৰ অভিযোগ উত্থাপন হৈছিল।

 প্ৰায় দুই দশক আগতে কীট-পতংগৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ পঞ্জাৱত আনুবংশিক প্ৰযুক্তিৰ সহায়ত তৈয়াৰ কৰা কপাহৰ খেতি সফল হোৱা নাই। এই পৰিস্থিতিত নৰেন্দ্ৰ মোদী চৰকাৰৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ উপৰিও যোৱা কেইটামান দশকত ইউৰোপ আৰু আমেৰিকাত জিন সলনি কৰা মাকৈ, বীন, চাউল, চয়াবীন নিগনিৰ শৰীৰত বহু পৰিৱৰ্তন হোৱা দেখা গৈছিল।

পৰিৱেশবিদসকলৰ এটা অংশই আশংকা কৰে যে সৰিয়হ তেলৰ ক্ষেত্ৰতো একে ধৰণৰ ভয় আছে। চৰকাৰী সূত্ৰ অনুসৰি জিএম সৰিয়হ সম্পৰ্কীয় জিইএচিৰ বিশেষজ্ঞ সমিতিৰ নেতৃত্ব দিছিল দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য দীপক পেণ্টালে।

Related News