শৰীৰটোক সুস্থ-সবল-নিৰোগী কৰি ৰাখিব বিচাৰেনে? এনে আসনৰ অভ্যাসে দিব সুফল

এটি সুস্থ-সবল নিৰোগী শৰীৰৰ গঠনত যোগাসনৰ অৱদান অনস্বীকাৰ্য। যোগাসনে যে কেৱল ব্যক্তিৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰে এনে নহয়; ই ব্যক্তিৰ মানসিক স্বাস্থ্যৰো বিকাশ ঘটায়।

যোগে আমাৰ শৰীৰৰ প্ৰতি সচেতনতাও বৃদ্ধি কৰিব পাৰে। যোগৰ আশ্ৰয় লৈ আমি প্ৰাকৃতিকভাৱে ওজন নিয়ন্ত্ৰণ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি নিজৰ শৰীৰটোক সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিব পাৰোঁ।

দৈনিক অনুশীলন কৰিবলগীয়া এনে কেইটামান যোগ আসন চাওঁ আহক:

১/ অধো মুখ স্বনাসন

২/ ভূজংগাসন

৩/ ত্ৰিকোনাসন

৪) ধনুৰাসন

৫/ সৰ্বাংগসন

৬) ছেঠুবন্ধ সৰ্বাংগাসন

ছবিত দেখা আসনসমূহ কোনো বিশেষজ্ঞ যোগ প্ৰশিক্ষকৰ নিৰ্দেশনা তথা পৰামৰ্শ অনুযায়ী কৰা বাঞ্চনীয়। অন্যথা এই আসনসমূহ অনুশীলন কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে।