ট্ৰেক্টৰ আৰোহীক পথ এৰি নোযোৱাৰ বাবে তিনিজন বাইকাৰক গুলীয়াই হত্যা কৰে। সেই ঘটনাত যোগীৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পুৰণি পদ্ধতিৰ আশ্ৰয় লৈছিল। উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত আৰক্ষী আৰু প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰি অভিযুক্তৰ পৰিয়ালৰ সদস্যৰ ঘৰ ভাঙি পেলায়।
মঙলবাৰে পুৱা ফতেহপুৰৰ হাটগাম থানা এলেকাৰ তাহিৰাপুৰ অঞ্চলৰ সমীপত তিনিটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত উত্তেজনা তীব্ৰ হৈ উঠে। ঘটনা অনুসৰি ককায়েক আৰু পুত্ৰৰ সৈতে বাইকেৰে ক’ৰবালৈ গৈ আছিল পাপ্পু সিং। প্ৰাক্তন এলেকাৰ মুৰব্বী মন্নু সিং আৰু তেওঁৰ সহযোগীসকলে একেটা পথতে এখন ট্ৰেক্টৰত যাত্ৰা কৰিছিল। অভিযোগ অনুসৰি, ট্ৰেক্টৰখন পথৰ পৰা আঁতৰি নোযোৱাক লৈ পথত পাপ্পুৰ সৈতে কাজিয়াত লিপ্ত হয় মনুৰে। সেই সময়ত অভিযুক্তই হঠাতে বন্দুক উলিয়াই বাইকাৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে।যাৰ ফলত থিতাতে মৃত্যু হয় তিনিজন লোকৰ। এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে বুলডজাৰ অভিযান চলোৱাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগে লগে বুধবাৰে পুৱা দেখা গ’ল যে আৰক্ষী আৰু প্ৰশাসনে অভিযুক্ত মন্নুৰ ভগ্নী আৰু পুত্ৰ জ্ঞান সিঙৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে। এই ঘটনাত আৰক্ষীয়ে দাবী কৰিছে যে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে ঘৰটো ভাঙি পেলোৱা হৈছিল।
ইয়াৰ উপৰিও আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে পাপ্পু সিঙৰ মাতৃ ৰামদুৰালি সিং বৰ্তমান সেই অঞ্চলৰ পঞ্চায়ত মুৰব্বী। এই পৰিয়াল আৰু মন্নু সিঙৰ পৰিয়ালৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে। তদন্তকাৰীৰ মতে মঙলবাৰে পুৱা ৰাজপথত হোৱা কাজিয়াৰ সময়ত পুৰণি বিবাদক লৈ মন্নুৱে এই আক্ৰমণ সংঘটিত কৰে। যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত প্ৰাক্তন মুৰব্বীকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
কিন্তু উচ্চতম ন্যায়ালয়ৰ সতৰ্কবাণীৰ পাছতো যোগীৰ আৰক্ষীৰ বুলডজাৰ অভিযানক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপন হৈছে যে আইনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া হৈছে। আদালতে কঠোৰ সুৰত কয় যে অভিযুক্তৰ বিচাৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ন্যায়াধীশৰ ভূমিকাত বহি ব্যক্তিগত আৰু বাণিজ্যিক সম্পত্তি ধ্বংস কৰাৰ কোনো অধিকাৰ ৰাজ্য প্ৰশাসনৰ নাই। ইয়াৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে অবৈধ আৰু দখল কৰা কাঠামো ভাঙি পেলোৱাৰ বাবে নিৰ্দেশনা স্থিৰ কৰিছিল। উল্লেখ কৰা হৈছিল যে ঘৰটো ভাঙি পেলোৱাৰ কমেও ১৫ দিনৰ আগতে জাননী দিব লাগিব। ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগিব। অৱশ্যে সকলোকে আঙুলি টোৱাই যোগীৰ আৰক্ষীয়ে বুলডজাৰ অভিযানক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।