আপত্তিজনক পোষ্ট ডিলিট কৰাৰ বিষয়ত ফেচবুকৰ নতুন নিয়ম, কি সেই নিয়ম?

a fac

ছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুকৰ পৰা আপত্তিকৰ পোষ্ট ডিলিট কৰাৰ প্ৰসংগত আৰু ডিলিট হোৱা পোষ্ট পুনৰ ঘূৰাই পাবলৈ ফেচবুকে কেতবোৰ নতুন নিয়ম কৰিছে।

পূৰ্বে ফেচবুকত দিয়া কোনো আপত্তিজনক পোষ্টৰ ক্ষেত্ৰত মানুহে মাত্ৰ তেনে পোষ্ট ৰিপ’ৰ্ট কৰিব পাৰিছিল।

ৰিপ’ৰ্ট মৰাৰ পিছতো বহু সময়ত ফেচবুকত তেনে আপত্তিজনক পোষ্ট ডিলিট নকৰাকৈয়ে ৰৈয়েই গৈছিল।

এনেবোৰ সমস্যাৰ সমাধানৰ বাবে ফেচবুক কৰ্তৃপক্ষই শেহতীয়াকৈ গঠন কৰিছে এখন ২০ জনীয়া বিশেষ সমিতি।

ওভাৰচাইট বোৰ্ড নামৰ এনে সমিতিক যিকোনো লোকেই আপত্তিজনক পোষ্টৰ বিষয়ে জনাব পাৰিব আৰু তেনে পোষ্ট ডিলিট কৰিবলৈ আবেদন জনাব পাৰিব।

কোনো আপত্তিজনক পোষ্ট ডিলিট কৰিবলৈ ওভাৰচাইট বোৰ্ডক আবেদন জনোৱাৰ পিছত বোৰ্ডে সেই আবেদন বিবেচনা কৰি চাব আৰু তেনে আপত্তিজনক পোষ্ট আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

এই ক্ষেত্ৰত বোৰ্ডে ডিলিট কৰিবলৈ সিদ্ধান্ত লোৱা পোষ্ট ফেচবুকত পুনৰ দেখিবলৈ পোৱা নাযাব। আনহাতে ফেচবুকেও কেতিয়াবা নিজাববীয়াকৈ কিছুমান পোষ্ট আপত্তিজনক বুলি ভাবি ডিলিট কৰি দিয়ে।

কিন্তু তেনে পোষ্ট দিওঁতাই যদি তেওঁৰ পোষ্টটো আপত্তিজনক নহয় বুলি ভাবে তেন্তে পোষ্টটো পুনৰ ফেচবুকলৈ ঘূৰাই অনাৰ বাবে ওভাৰচাইট বোৰ্ডৰ ওচৰত আবেদন কৰিব পাৰিব।

এই ক্ষেত্ৰত বোৰ্ডে এটা বিশেষ আইডি দিব আৰু সেই আইডিত জনা যাব পোষ্টটো ফেচবুকে পুনৰ ওভতাই আনিব নে নাই।

ফেচবুকৰ এনে পদক্ষেপে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মাধ্যমটোত আপত্তিজনক পোষ্টৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।