‘আপোনালোকে মোক ঘৃণা কৰে’

“বিজেপি বাৰ্তা” উন্মোচনৰ পিছত সাংবাদিকৰ সৈতে কথা-বতৰাত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

01-05-19 Guwahati ‘You hate me’: Himanta Biswa Sarma to Assam scribes

বুধবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নত স্পষ্টৰূপত বিৰক্ত হোৱা দেখা গ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি “আপোনালোকে মোক ঘৃণা কৰে” বুলি মন্তব্য কৰি নিজৰ স্পষ্ট বিৰক্তি প্ৰকাশ কৰে মন্ত্ৰীজনে।

“আপোনালোকৰ মোৰ প্ৰতি থকা এয়া ঘৃণাৰ প্ৰতিফলন। মই আপোনালোকক কি কৰোঁ বেলেগ কথা,” বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত দলটোৰ মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” উন্মোচনৰ পিছত সাংবাদিকক শৰ্মাৰ মন্তব্য।

মন্ত্ৰী শৰ্মাৰ সাংবাদিকৰ ওপৰত খৰ্গহস্ততাৰ কাৰণ আছিল চলিত সাধাৰণ নিৰ্বাচন আৰু অসম বিজেপিৰ অভ্যন্তৰীণ সংঘাতকেন্দ্ৰিক এক প্ৰশ্ন।

অসমত এইবাৰ বিজেপিৰ আসন কমিলে তাৰ দায় হিমন্ত বিশ্বকে ধৰি ৰঞ্জিত দাস আৰু ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে ল’ব লাগিব বুলি টিকেট-বঞ্চিত সাংসদ আৰ পি শৰ্মাই কৰা শেহতীয়া মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব খুজিছিল এগৰাকী সাংবাদিকে।

“আপোনালোকে কি এইবিলাক কথা কয়! আপোনালোকে এনেকুৱাধৰণৰ কথা নিৰ্বাচনৰ আগত কৈয়ে থাকে। মোৰ মুখখনত ৰাতিপুৱাই ৰাতিপুৱাই আপোনালোকৰ কাৰণে মোৰ মুখৰ পৰা বেয়া কথা শুনিলে ভাল পাব নেকি?” উত্তৰ হিমন্ত বিশ্বৰ।

শৰ্মাই কয়, এইধৰণৰ প্ৰশ্ন সোধাৰ “নৈতিক অধিকাৰ” সাংবাদিকসকলে কেতিয়াবাই হেৰুৱাই পেলাইছে।

“আপোনালোকৰ আগৰ হে’ডলাইনৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিলে নে? ২০০১, ২০০৬ আৰু ২০১১ৰ হে’ডলাইনৰ বাবে এবাৰোটো আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা নুখুজিলে,” শৰ্মাৰ মন্তব্য।

শৰ্মাই একপ্ৰকাৰে প্ৰকাশ কৰে যে এইধৰণৰ বাতৰিবোৰ “অসত্য আৰু বেয়া”, আৰু সেয়ে বাতৰিবোৰৰ বাবে সাংবাদিকে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

“আমি মন্ত্ৰীবিলাকে ৰাইজৰ দৰমহা খাওঁ, গতিকে ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা থাকে। আপোনালোকৰ দৰমহা বিলাকো মানুহৰ তেজ আৰু পৰিশ্ৰমৰ পইচাৰ পৰা অহা। যেতিয়া অন্য ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ নিউজ প্ৰচাৰ কৰে, পাছত সেয়া ভুল বুলি প্ৰমাণিত হয়, তেতিয়া ৰাইজক কেবল আৰু পে’পাৰৰ পইচাবোৰ ঘূৰাই দিব লাগে,” শৰ্মাই কয়।