ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে বিস্কুট খাই ভাল পায়। সোৱাদ আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ এই বিস্কুটে ভোকৰ যন্ত্ৰণা পূৰণ কৰে আৰু শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে। বজাৰত এতিয়া বিভিন্ন সোৱাদৰ বিস্কুট উপলব্ধ।
বজাৰত পোৱা বেছিভাগ বিস্কুটতে সৰু সৰু কিছুমান ফুটা থাকে । কিন্তু বহুতেই নাভাবে বা নাজানে বিস্কুটত সৰু সৰু ফুটা থকাৰ কাৰণ। বিস্কুটত ইমানবোৰ ফুটা থকাৰ আঁৰত এটা গুৰুত্বপূৰ্ণ কাৰণ আছে।
বেছিভাগ বিস্কুটত দেখা পোৱা সৰু সৰু ফুটাবোৰ আচলতে উৎপাদনৰ সময়তে গঠন হয়। বিস্কুট তৈয়াৰ কৰাৰ সময়তে এই ফুটাবোৰ ইচ্ছাকৃতভাৱে কৰা হয়। ইয়াৰ আঁৰত এটা নহয়, কেইবাটাও কাৰণ আছে। বিস্কুট সহজে উৎপাদন কৰিব পৰাকৈ এনেবোৰ ফুটা ৰখা হয়। এই ফুটাবোৰক ফেক্টৰীৰ ভাষাত ডকাৰ বোলা হয়।
এই ডকাৰৰ মূল উদ্দেশ্য হ’ল বিস্কুটৰ মাজেৰে বায়ু চলাচল কৰা। ঘৰ সাজিলে বায়ু চলাচলৰ বাবে যেনেকৈ ভেণ্টিলেচন বা খিৰিকী ৰখা হয় তেনেকৈ তাপ আৰু বায়ু পাৰ হ’বৰ বাবে বিস্কুটত সৰু সৰু ফুটাবোৰ ৰখা হয়।
আটা, চেনি আৰু নিমখৰ লগত ভালদৰে মিহলাই তাৰ পিছত ছাঁচত থৈ মেচিনৰ তলত ৰাখি বিস্কুট প্ৰস্তুত কৰা হয়। কিন্তু তাৰ আগতে এটা মেচিনৰ জৰিয়তে বিস্কুটত এই ফুটাবোৰ কৰা হয়। এই ফুটাবোৰৰ বাবে বিস্কুট সহ্জে সিজে আৰু ইয়াৰ আকৃতি নষ্ট নহয়।
বেকিং কৰাৰ সময়ত বিস্কুট ফুলি আকৃতি হেৰুৱাব নোৱাৰাকৈ ফুটা কৰা হয় আৰু বিস্কুটৰ চাৰিটা প্ৰান্ত সমানে ফুলোৱা হয়। এই ফুটাবোৰৰ অবিহনে বিস্কুটৰ ভিতৰেদি তাপ আৰু বতাহ ওলাই যাব নোৱাৰে। গতিকে এইদৰে মেচিনৰ সহায়ত বেকিং কৰাৰ আগতে সমান দূৰত্বত ফুটা কৰা হয়।