প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাই ঘৃণা, হিংসা বৃদ্ধিত অৰিহণা যোগাইছে দেশত!

IIM students staff to Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৌনতাই দেশত ঘৃণা, হিংসা আৰু জাতি বিদ্বেষ বৃদ্ধিত অৰিহণা যোগাইছে। এই অভিযোগ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ শিক্ষাৰ্থী তথা শিক্ষকসকলৰ। এই সন্দৰ্ভত আই আই এমৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে প্ৰধানমন্ত্ৰী মোডীলৈ লিখিছে এখন মুকলি পত্ৰ।

এই মুকলি পত্ৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশত ঘৃণামূলক ভাষণ আৰু জাতি-ভিত্তিক হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ অনুৰোধ জনাইছে।

স্বাক্ষৰকাৰীসকলে কয় যে এই বিষয়বোৰত প্ৰধানমন্ত্ৰীৰ নীৰৱতাই ঘৃণাসম্পূৰ্ণ শক্তিবোৰক উৎসাহিত কৰিছে।

“মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাৰ নীৰৱতাই ঘৃণাসম্পূৰ্ণ কণ্ঠস্বৰক উৎসাহিত কৰে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। আমি আপোনাক অনুৰোধ জনাইছো আমাক বিভাজন কৰিব বিচৰা শক্তিবোৰৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় হওক।” পত্ৰখনত এইদৰে উল্লেখ কৰা হয়।

উল্লেখ্য যে শেহতীয়াকৈ হৰিদ্বাৰ ধৰ্ম সংসদ অনুষ্ঠানৰ কিছুমান হিন্দুত্ববাদী ধৰ্মীয় নেতাই মুছলমানসকলৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ আৰু গণহত্যাৰ আহ্বান জনাইছিল।

পত্ৰখনত কোৱা হৈছে, “ধৰ্ম-জাতিৰ পৰিচয়ৰ ওপৰত আধাৰিত সম্প্ৰদায়সমূহৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু হিংসাৰ আহ্বান গ্ৰহণযোগ্য নহয়।”

স্বাক্ষৰকাৰীসকলে কয় যে ভাৰতীয় সংবিধানে নিজৰ ধৰ্মক সন্মানৰ সৈতে পালন কৰাৰ অধিকাৰ প্ৰদান কৰিছে। দেশত পূৰ্বে এনে এক ভয়ৰ ভাৱ নাছিল।

“আমাৰ দেশত এতিয়া এক ভয়ৰ ভাৱ আছে। শেহতীয়া দিনবোৰত গীৰ্জাকে ধৰি উপাসনাস্থলীসমূহত আক্ৰমণ কৰা হৈছে আৰু আমাৰ মুছলমান ভাই-ভনীসকলৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ আহ্বান জনোৱা হৈছে। এই সকলোবোৰ কৰ্মকাণ্ড কোনো ভয় নোহোৱাকৈ সম্পন্ন কৰা হৈছে”- তেওঁলোকে কয়।