জনতাৰ দৰবাৰত গিৰিৰাজক যুৱকৰ ঘোচা! ‘বিৰোধী ষড়যন্ত্ৰ’ দেখিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং নিজৰ লোকসভা সমষ্টিতে জনতাৰ দৰবাৰত অংশগ্ৰহণ কৰাৰ সময়ত আক্ৰমণৰ বলি হয়। এজন যুৱকে মন্ত্ৰীগৰাকীক ঘোচা মাৰিবলৈ খেদি আহিছিল। অৱশ্যে আক্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে যুৱকজনক কৰায়ত্ত কৰে। এই ঘটনাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক। এই ঘটনাৰ আঁৰত বিৰোধীৰ ষড়যন্ত্ৰ দেখিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

জানিব পৰা মতে, শনিবাৰে গিৰিৰাজ সিঙে তেওঁৰ লোকসভা সমষ্টি বেগুছৰাইৰ বালিয়াত ‘জন দৰবাৰ’ৰ আয়োজন কৰে। সেই সময়ত হঠাৎ তাত এজন যুৱকৰ আবিৰ্ভাৱ হ’ল। কোনোৱে একো বুজি পোৱাৰ আগতেই মাইকটো হাতত লৈ গিৰিৰাজৰ বিষয়ে অসংযত কথা ক’বলৈ ধৰিলে।

লগতে পঢ়কঃ ম্লান পৰিল মোহনবাগান! ডুৰাণ্ড কাপৰ ফাইনেলত টাইব্ৰেকাৰত স্বপ্নভংগ, চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

বিজেপি নেতাই তেওঁক বাধা দিবলৈ চেষ্টা কৰাত তেওঁ গিৰিৰাজৰ ফালে দৌৰি গৈ ঘুচা মাৰিবলৈ চেষ্টা কৰে। অৱশ্যে তাৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে। জানিব পৰা মতে অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ছফী। তেওঁ এটা ৰাজনৈতিক দলৰ সদস্য হিচাপেও পৰিচিত।

ইফালে আক্ৰমণৰ ঘটনাৰ পিছত গিৰিৰাজে কয় যে এই ঘটনা অতি দুখজনক। হয়তো আক্ৰমণকাৰীৰ মুখখন দেখাৰ পিছত তেজস্বী আৰু অখিলেশ তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিব। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদুপৰি গিৰিৰাজৰ ঘনিষ্ঠসকলৰ দাবী যে এই আক্ৰমণৰ চেষ্টা সত্ত্বেও মন্ত্ৰীগৰাকী বৰ্তমান সুস্থ। ঘটনাৰ পিছত তেওঁৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

লগতে পঢ়কঃ সময়ৰ শৰ সময়ত! নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত বিঘাই বিঘাই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই

ইপিনে, এই ঘটনাৰ পিছত গিৰিৰাজে বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ কয়, “গিৰিৰাজ সিঙে এনে লোকক ভয় নকৰে।” বিহাৰৰ ৱাকফ ব’ৰ্ডক আক্ৰমণ কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে মাটি দখলৰ অভিযান আৰম্ভ কৰিছে। য’তেই ইচ্ছা মাটি কাঢ়ি লোৱা হৈছে। বেগুছৰাইকে ধৰি সমগ্ৰ দেশতে একে ঘটনা সংঘটিত হৈছে। দেশত হিন্দুসকলে কেতিয়াও সংঘৰ্ষ কৰা নাই। কিন্তু ৰাম নৱমীৰ পৰা আৰম্ভ কৰি সকলো ধৰ্মীয় তীৰ্থযাত্ৰাত আক্ৰমণ চলি আছে। ৰাহুল গান্ধী, তেজস্বী, অখিলেশ সদায় এনে মানুহৰ ৰক্ষক হৈ থাকে।”