• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্লান পৰিল মোহনবাগান! ডুৰাণ্ড কাপৰ ফাইনেলত টাইব্ৰেকাৰত স্বপ্নভংগ, চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2024 8:37 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ ডুৰাণ্ড কাপৰ চেম্পিয়ন। এইবাৰ আকৌ সপোন পূৰণৰ লক্ষ্য লৈছিল মোহন বাগানে। কিন্তু সেই আশা অপূৰ্ণ হৈ ৰ’ল। শনিবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত টাইব্ৰেকাৰত পৰাস্ত হয় মোহন বাগান। অৱশ্যে প্ৰথমাৰ্ধত দলটোৱে ২-০ গ’লত আগবাঢ়িছিল। পেনাল্টি স্পটৰ পৰা কামিন্সে প্ৰথমে গ’ল দিয়ে। ইয়াৰ পিছত সাহালে মোহন বাগানক আগুৱাই লৈ গ’ল।

কিন্তু দ্বিতীয়াৰ্ধত তেওঁলোকক চিনাকি ছন্দত দেখা পোৱা নগ’ল। বিশেষকৈ সাহালক তুলি নিয়াৰ পিছত মোহন বাগান ছিন্নভিন্ন হৈ পৰে। ৫৫ আৰু ৫৮ মিনিটত দুটা গ’ল দি নৰ্থ ইষ্ট ইউনাইটেডে সমতা স্থাপন কৰে। খেলখন ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয়। টাইব্ৰেকাৰত ৪-৩ গ’লত জয়লাভ কৰি ডুৰাণ্ড চেম্পিয়ন হ’ল নৰ্থ ইষ্ট ইউনাইটেড।

খেলখন আগবাঢ়ি যোৱাৰ লগে লগে মোহন বাগানৰ আধিপত্য বাঢ়ি আহিছিল। ১০ মিনিটত প্ৰথমটো গ’ল লাভ কৰে। ষ্টুৱেৰ্টে সোঁফালৰ পৰা সাহালক বলটো তুলি দিয়ে। সাহালে বলটো নিজৰ নিয়ন্ত্ৰণত লৈ গ’লৰ ফালে ঘূৰাইও দিলে। সেই সময়ত আছিৰ আখতাৰে তেওঁক জাৰ্চি ধৰি টানি পেলাই দিয়ে। ৰেফাৰীয়ে পেনাল্টি দিয়াত পলম নকৰিলে। পেনাল্টিৰ পৰা কামিংছে নৰ্থ ইষ্ট ইউনাইটেডৰ গ’লৰক্ষক গুৰমীটক বিপৰীত দিশলৈ পেলাই শীতল মস্তিষ্কৰে গ’ল দিয়ে।

Apply Now

লগতে পঢ়কঃ অপেক্ষাৰ অৱসান! কিংবদন্তি দ্ৰাবিড়ৰ পুত্ৰ এইবাৰ দেশৰ জাৰ্চিত; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিৰ্বাচিত ছমিত

প্ৰথমটো গ’ল দি মোহন বাগানৰ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পায়। নৰ্থ ইষ্ট ইউনাইটেডৰ ফুটবলাৰসকলে উভতি ধৰিব পৰা নাছিল। ১৯ মিনিটৰ পাছত ষ্টুৱেৰ্টে এটা সহজ সুযোগ অপচয় কৰে। বাওঁফালৰ পৰা অকলে বলটো লৈ তেওঁ বিপক্ষৰ বক্সত প্ৰৱেশ কৰে। সন্মুখত অকলে গ’লৰক্ষকক পোৱাৰ পিছতো তেওঁ বলটো বাৰৰ ওপৰেৰে মাৰি পঠিয়ালে। ইয়াৰ দুই মিনিট পিছতে নৰ্থ-ইষ্টে সমতা স্থাপনৰ সুযোগ লাভ কৰে। আলাদিন আজাৰাইৰ ক্ৰছৰ পৰা কৰা জিতিনৰ হেডটো বিশালে ৰক্ষা কৰে।

ইয়াৰ পিছত দুয়োটা দলে খেলত ইটোৱে সিটোক আক্ৰমণ অব্যাহত ৰাখিলে। খেলখনৰ গতিও অলপ লেহেমীয়া হ’ল। মোহন বাগানৰ আলবাৰ্টো ৰড্ৰিগেছে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰি থৈ যায়। নৰ্থ-ইষ্টৰ মহম্মদ আলী বেমামেৰেও খেলপথাৰ এৰি যায়।

প্ৰথমাৰ্ধত মোহন বাগানে অগ্ৰগতি বৃদ্ধি কৰে। যদিও সাহালে গ’ল দিছিল, তথাপিও ইয়াৰ কৃতিত্ব লিষ্টন ক’লাছ’ৰ। একাধিক নৰ্থ-ইষ্টে ডিফেণ্ডাৰক অতিক্ৰমি এফলীয়াকৈ নৰ্থ-ইষ্টৰ বক্সত সোমাই যায়। তাৰ পৰা সুন্দৰ পাছ সাহাললৈ যায়। কেৰালাৰ ফুটবলাৰগৰাকীয়ে লঘু শ্বটেৰে বলটো নেটত সোমাই দিয়ে।

লগতে পঢ়কঃ সুস্বাস্থ্যৰ বাবে নিতৌ পুৱা খাওক নৰসিংহ পাত ; ভাল হ’ব কেইবাটাও ৰোগ

দ্বিতীয়াৰ্ধত সাহালক তুলি লোৱা হয় আৰু কোচ মোলিনাই পেট্ৰাটছক নমায়। লক্ষ্য স্পষ্ট আছিল, তেওঁ আৰু অধিক গ’ল দি ৯০ মিনিটত জয় নিশ্চিত কৰিব বিচাৰিছিল। কিন্তু তাৰ ফল হয় বিপৰীত। মোহন বাগানে তিনি মিনিটত দুটা গ’ল হজম কৰিবলগীয়া হ’ল ।

নৰ্থ-ইষ্টে আৰম্ভণিৰে পৰা দমনীয়ভাৱে খেলিবলৈ আৰম্ভ কৰিলে। ইটোৰ পিছত সিটোকৈ মোহন বাগানৰ বক্সত আক্ৰমণ কৰিবলৈ ধৰে। সফলতাও লাভ কৰে। ৫৫ মিনিটৰ পাছত আলাইদ্দিন আজাৰাইয়ে গ’ল দিয়ে। মোহন বাগানৰ বক্সৰ ঠিক বাহিৰত জিতিনে বলটো পাই বাওঁফালে থকা আজাৰাইলৈ বলটো পাছ কৰে। প্ৰথম পোষ্টৰ নিখুঁত স্থানত শ্বট ৰাখি বিশালক পৰাস্ত কৰে মৰক্কোৰ খেলুৱৈগৰাকীয়ে।

তিনি মিনিটৰ পাছত নৰ্থ-ইষ্টে তেওঁৰ পাছৰ জৰিয়তে সমতা স্থাপন কৰে৷ বাওঁফালে বলটো পাই তেওঁ সোঁফালে গুইলাৰমো ফাৰ্নাণ্ডেজলৈ পাছ কৰে। ফাৰ্নাণ্ডেছে এটা শক্তিশালী শ্বটেৰে গ’ল দিয়ে। বিশালক লৰচৰ কৰাৰ সুযোগো নিদিলে। খেলৰ গতিবেগ নিমিষতে সলনি হয়। গ’ল পোৱাৰ পিছতে নৰ্থ-ইষ্টে তীব্ৰ আক্ৰমণাত্মক খেলিবলৈ আৰম্ভ কৰে। নৰ্থ-ইষ্টে আৰু এটা গ’ল দি খেলখন শেষ কৰিব বিচাৰিছিল।

লগতে পঢ়কঃ কন্যা হৈ জন্ম হোৱাই হ’ল কাল! জন্মৰ ৬ দিনৰ পিছত মাতৃৰ হাততে প্ৰাণ হেৰুৱালে নৱজাতকে

৬৮ মিনিটত জিতিনে গ’ল দিয়াৰ সুযোগ লাভ কৰে। আশীষ ৰায়ৰ হেডটো তেওঁৰ ভৰিত গৈপৰিল। এটা শক্তিশালী ভলী মাৰিলে। বিশালে কেনেবাকৈ সেইটো ৰক্ষা কৰে। ৭৪ মিনিটত গুইলেৰ্মোৰ সুযোগ আছিল। টম এলড্ৰেডক অতিক্ৰমি এটা শ্বট লয় যদিও বিশাল ছেভ কৰে। মোহন বাগানৰ ডিফেন্স স্তম্ভিত হৈ পৰে।কি কৰিব উৱাদিহ পোৱা নাছিল। বিশাল নহ’লে নৰ্থ-ইষ্টে ৯০ মিনিটতে খেলখন সমাপ্ত কৰিব পাৰিলেহেঁতেন৷ খেলৰ শেষৰ ফালে পেট্ৰাটছৰ শ্বটৰ বাহিৰে মোহন বাগানৰ চোক  একবাৰে নাছিল।

HISTORY! 🏆#StrongerAsOne #8States1United #IndianOilDurandCup pic.twitter.com/3msQAoXJ6G

— NorthEast United FC (@NEUtdFC) August 31, 2024

টাইব্ৰেকাৰত কামিংছৰ প্ৰথমটো শ্বট বাৰৰ ওপৰেৰে উৰি গ’ল। কিন্তু নৰ্থ-ইষ্টৰ গ’লৰক্ষকগৰাকী আগবাঢ়ি অহাৰ লগে লগে ৰেফাৰীয়ে কামিংছক পুনৰ শ্বট মাৰিবলৈ নিৰ্দেশ দিয়ে। কামিংছে এইবাৰ ভুল কৰা নাছিল। ইয়াৰ পাছতে মোহন বাগানৰ মনবীৰে গ’ল দিয়ে যদিও লিষ্টনৰ শ্বটটো গুৰমীতে ৰক্ষা কৰে।

আনহাতে, গুইলাৰমো, মিগেল জাবাকো আৰু পাৰ্থিৱ গগৈয়ে গ’ল দি নৰ্থ-ইষ্টক ৩-২ গ’লত অগ্ৰগতি প্ৰদান কৰে। চতুৰ্থ শ্বটত পেট্ৰাটছে গ’ল দিয়ে। পঞ্চম শ্বটত আজাৰাইয়ে নৰ্থ-ইষ্টক ৪-৩ গ’লত অগ্ৰগতি দিয়ে। মোহন বাগানক বচোৱাৰ দায়িত্ব আছিল শুভাশীসৰ ওপৰত। গুৰমীতে ফুটবলাৰগৰাকীৰ দুৰ্বল শ্বটটো সহজে ৰক্ষা কৰি নৰ্থ ইষ্ট ইউনাইটেডক জয়ী কৰায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd