হোজাইৰ পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক গ্ৰেপ্তাৰ

হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে এজন ২৫ বছৰীয়া যুৱকক হোজাইৰ দৰিয়াবস্তিৰ এটি পাঁচ বছৰীয়া কন্যাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা যুৱকজনক বিক্ৰম হৰিজন ওৰফে চন্দন বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে বিক্ৰম হৰিজনক চৰজমিন প্ৰমান তথা প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ বলি কণমানি ছোৱালীজনী বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

তাইক শেষবাৰৰ বাবে অভিযুক্ত জনৰ সৈতে দেখা গৈছিল।

ছোৱালীজনী যেতিয়া ঘৰলৈ উভতি অহা নাছিল তেতিয়া তাইৰ পৰিয়ালে তাইক বিচাৰিবলৈ আৰম্ভ কৰিছিল।

বৃহস্পতিবাৰে ৰাতিপুৱা তাইৰ ৰক্তাক্ত দেহ দৰিয়াবস্তিৰ জংঘলত বিচাৰি পোৱা যায়।

খবৰ পোৱাৰ পাছতে হোজাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ মাজতে গাওঁখনত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।

গাওঁবাসীয়ে ঘটনাৰ বলি পৰিয়ালটোক ন্যায় দিবলৈ অপৰাধীক মৃত্যুদণ্ড দিয়াৰ দাবী তোলে।

আৰক্ষীয়ে কোনোৰকম পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

কিন্তু ছোৱালীজনীৰ মৃতদেহটো আৰক্ষী থানালৈ অনাৰ পাছত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে।

গাঁওখনৰ শতাধিক লোকে আৰক্ষী থানা ঘেৰাও কৰি ‘আমাক ন্যায় লাগে’ বুলি শ্ল’গান দিয়ে। সাংবাদিকৰ আগত জিলা দণ্ডাধীশ জাংমিৰ ৰংফাৰাই কয়,’’আইন অনুসৰি, দোষীক শাস্তি বিহা হ’ব।‘’

তেওঁ ৰাইজক ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায়।

‘’আমি অপৰাধীক ফাঁচী দিয়াটো বিচাৰো যাতে সমাজত এটা স্পষ্ট বাৰ্তা যায় যে এনেধৰণৰ জঘন্য অপৰাধৰ বাবে সাধাৰণ শাস্তিৰে কোনো সাৰি যাব নোৱাৰে,’’-এগৰাকী গাওঁবাসীয়ে কয়।

গাওঁবাসীয়ে জিলা প্ৰশাসনক অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ঘটনাটোৰ তদন্ত চলি আছে।