• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এজাহাৰ আৰু বিতৰ্কৰ পিছত ক্ষমা বিচাৰিলে হজৰত মহম্মদৰ বিষয়ে কটূক্তিৰে ফে’চবুক পোষ্ট দিয়া মোজাহিদুল ইছলামে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2019 12:11 pm
Mujahidul Islam Facebook Post

মোজাহিদুল ইছলামৰ ফেইচবুক একাউণ্টৰ কেইটামান পুৰণি স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

1.5k
VIEWS
Share on FacebookShare on Twitter

হজৰত মহম্মদৰ চৰিত্ৰৰ বিষয়ে ফে’চবুকত পোষ্ট দি বিতৰ্কৰ সন্মুখীন হোৱা খাৰুপেটীয়াৰ মোজাহিদুল ইছলাম ওৰফে Muzahidul Eros নামৰ যুৱকজনে অৱশেষত ক্ষমা খুজিছে সকলোৰে ওচৰত।

“মই অলপতে নবী মহম্মদৰ ওপৰত যি অসন্মানসূচক পোষ্ট কৰি ইছলাম ধৰ্মীয় ৰাইজৰ অনুভূতিত যি আঘাত দিছো তাৰ বাবে দুখিত”, নিজৰ টাইমলাইনত অন্য এটা পোষ্টত অনুতপ্ত মোজাহিদুলে কয়।

জানিব পৰা মতে, পূৰ্বৰ বিতৰ্কিত পোষ্টটোৰ পিছতে মোজাহিদুলৰ বিৰুদ্ধে খাৰুপেটীয়া থানাত এখন এজাহাৰো দাখিল কৰিছে ইত্তেহাদ ফ্ৰণ্ট, অসম নামৰ সংগঠন এটাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নূৰ ইছলামে। এজাহাৰৰ ভিত্তিত ১৬১/১৯ নম্বৰত এটা গোচৰ ৰুজু হৈছে থানাখনত।

Mujahidul Islam pardon
মোজাহিদুলে ক্ষমা খুজি ২২ এপ্ৰিলত দিয়া পোষ্টটোৰ স্ক্ৰীনশ্বট।

মোজাহিদুলৰ ঘৰ দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ২নং কুঁৱৰী পুখুৰী গাঁৱত। দেউতাকৰ নাম ওমৰ আলী।

ফেচবুকত নিজৰ সংক্ষিপ্ত পৰিচয়ত “Myself an Atheist, believe in work, belongs to Humanity….” বুলি লিখা যুৱকজনে বিতৰ্কৰ পিছতে ২২ এপ্ৰিলত দিয়া শেহতীয়া পোষ্টটোত কয়, “দয়া কৰি কোনেও যাতে মোৰ ঘৰত আহি অশান্তিৰ সৃষ্টি নকৰে, এয়াই আপুনাসৱলৈ বিনম্ৰ অনুৰোধ”।

ইছলামধৰ্মী বহুতো লোকৰ ক্ৰোধৰ উদগিৰণ ঘটোৱা পোষ্টটোত মোজাহিদুলে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ চৰিত্ৰৰ কিছুমান দিশৰ উল্লেখ কৰি কটূক্তি কৰিছিল। ইছলাম ধৰ্ম ত্যাগ কৰি মানৱ ধৰ্ম লোৱা বুলি ঘোষণা কৰা মোজাহিদুল মহম্মদৰ সমালোচনাত সততে সৰৱ হৈছিল।

ফেইচবুকত বহুতে তেওঁক ওলোটাই আক্ৰমণ কৰিছিল, যিসকলক মোজাহিদুলে “মহম্মদৰ লুচ্চা বাহিনী”ৰ দৰে শব্দ ব্যৱহাৰ কৰি প্ৰত্যুত্তৰ দিছিল।

নিজৰ নামটো আৰবী ভাষাৰ বুলি সোঁৱৰাই দিয়া এজক মোজাহিদুলৰ উত্তৰ আছিল, “আৰবী ভাষা মহম্মদৰ বাপেকে সৃষ্টি কৰিছে নেকি? … ইহুদিহঁতক সুধিব আৰবী জানে নে নাই?”

যোৱা দুদিনত এজাহাৰ ৰুজু আৰু অন্যান্য হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত মোজাহিদুলে ক্ষমা খোজাৰ সিদ্ধান্ত লয়।

মোজাহিদুলৰ দেউতাকেও মোজাহিদুলৰ ক্ষমা প্ৰাৰ্থনা পোষ্টটোৰ কমেণ্টত নিজকে দেউতাক বুলি পৰিচয় দি তেওঁৰ পুতেকক ক্ষমা কৰি দিবলৈ আহ্বান জনায়।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd