NORTHEAST NOW (Assamese)

সুৰা ট্ৰেজেডি : আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ, পদত্যাগ দাবী যুৱ কংগ্ৰেছৰ

February 25, 2019 7:06 am · আনিজ উজ জামান
হাউলীত দেওবাৰে আবকাৰী মন্ত্রী শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰিছে যুৱ কংগ্ৰেছ কৰ্মীয়ে। ফটো : নৰ্থইষ্ট নাও

উজনি অসমৰ বিশেষকৈ গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু মুখত পৰা লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাই আছে। বৰ্তমানলৈ শতাধিক লোকে প্ৰাণ হেৰুওৱা গোলাঘাটৰ গাঁৱে গাঁৱে জ্বলি আছে ইখনৰ পাছত সিখন চিতা ৷

উজনিত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ চিতাৰ জুইকুৰা এতিয়া পৰিণত হৈছে প্ৰতিবাদৰ জুইত। সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দাহ কৰিছে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি ৷

দেওবাৰে বৰপেটা জিলাৰ  হাউলী চহৰৰ চাৰিআলি চ’কত বৰপেটা জিলা যুৱ কংগ্ৰেছ আৰু বৰপেটা সমষ্টি যুৱ কংগ্ৰেছেও বিষাক্ত সুৰা কাণ্ডৰ প্ৰতিবাদত দাহ কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি ৷

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা ঘটনাৰ বাবে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবীত বৰপেটা জিলা যুৱ কংগ্ৰেছে দাহ কৰে মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি ৷

প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, পৰিমল শুক্লবৈদ্যই পদত্যাগ কৰক, সুৰামুক্ত অসম গঢ়ক, চুলাই মদ বন্ধ কৰক আদি শ্লোগানেৰে হাউলী চহৰ উত্তাল কৰি তোলে ৷

Related News