নগাঁৱত কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং আঁতৰোৱাক লৈ উত্তপ্ত পৰিস্থিতি, ৰাজপথ অৱৰোধ

congress protest nagaon

নগাঁৱত পৌৰসভাই কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং আঁতৰোৱাৰ বিৰুদ্ধে কংগ্ৰেছ-এন এছ ইউ আইৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

বিজেপিৰ দখলত থকা নগাঁও পৌৰসভাই জাৱৰ পেলোৱা গাড়ীৰে যুৱ কংগ্ৰেছৰ বেনাৰ, হৰ্ডিং আদি আঁতৰোৱাক কেন্দ্ৰ কৰি দেওবাৰে নগাঁও চহৰৰ ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁও পৌৰসভাৰ এই  কাৰ্যৰ প্ৰতিবাদত জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ শতাধিক কৰ্মীয়ে নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিচন মাৰ্কেটত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পথ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলাত দীৰ্ঘসময় যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। প্ৰায় এঘণ্টা ধৰি হোৱা এই পথ অৱৰোধত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয় আৱদ্ধ হ’ব লগা হয়। প্ৰতিবাদকাৰীসকলে নগাঁও পৌৰসভাৰ এই কাৰ্যৰ বিৰোধিতা কৰি পৌৰপতিক ক্ষমা খুজিবলৈ দাবী জনাই আৰু পথৰ কাষৰ পৰা পৌৰসভাই আঁ‌তৰাই নিয়া বেনাৰ, হৰ্ডিংসমূহ যথা স্থানত লগাই দিয়াৰ দাবী তুলি পৰিবেশ উত্তাল কৰি তোলে।

এই দাবীত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকল দীৰ্ঘসময় অটল হৈ পথ অৱৰোধ অব্যাহত ৰখাৰ পিছত অৱশেষত তেওঁলোকৰ প্ৰতিবাদত সেও মানি নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস আৰু জিলা প্ৰশাসনৰ প্ৰতিনিধি প্ৰতিবাদস্থলীত আহি উপস্থিত হয় আৰু পৌৰপতিয়ে ক্ষমা খুজিবলৈ বাধ্য হয়। তেওঁ ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বেনাৰ, হৰ্ডিংসমূহ পুনৰ লগাই দিয়াৰ কথা ঘোষণা কৰাত প্ৰতিবাদকাৰীসকল ক্ষান্ত হয় আৰু পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়।

উল্লেখ্য, দেওবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ উদ্যোগত ”সাংবিধান বচাও” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই কাৰ্যসূচীত অসমৰ দায়িত্বত থকা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাদ্বয় স্মূৰ্তি ৰঞ্জন লেংকা আৰু চিচপাল সিং কেহেৰোৱালৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰীয়ে অংশগ্ৰহণ কৰিছিল।

উক্ত নেতা তিনিজনক আদৰণি জনোৱাৰ উদ্দেশ্য যুৱ কংগ্ৰেছে শনিবাৰে চহৰখনৰ ষ্টেডিয়াম মাৰ্কেট আৰু মিচন মাৰ্কেট এলেকাৰ পথৰ কাষত বেনাৰ, হৰ্ডিং সংস্থাপন কৰিছিল বুলি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদে জনাইছে। এই বেনাৰ, হৰ্ডিংসমূহ আঁ‌তৰোৱাক লৈ পৌৰসভা আৰু যুৱ কংগ্ৰেছৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।