NORTHEAST NOW (Assamese)

পাটনা ৰে’ল ষ্টেছনত ৰে’লৰ পৰাই নিৰুদ্দেশ ঘৰলৈ উভতি আহি থকা মৰিগাঁৱৰ যুৱক

March 17, 2021 7:53 pm · এন ই নাও নিউজ
Updated: March 17, 2021 7:56 pm

বিহাৰৰ পাটনা ৰে’ল ষ্টেছনৰ পৰা আকস্মিক ভাবে নিৰুদ্দেশ হৈ পৰিছে অসমৰ এজন যুৱক।

নিৰুদ্দেশ হোৱা যুৱক জনৰ নাম পৰেশ বৰা।

১৯ বছৰীয়া যুৱক জনে তেওঁৰ পিতৃ ৰুদ্ৰ সিং বৰাৰ সৈতে গুজৰাটীৰ এটা কোম্পানীত কাম কৰি আছিল।

শেহতীয়াকৈ বন্ধু মণ্টু দেউৰীৰ সৈতে গুজৰাটৰ পৰা ৰে’লেৰে অসমলৈ উভতি অহাৰ পথতে পাটনা ৰে’ল ষ্টেছনৰ পৰা পৰেশ বৰা নিৰুদ্দেশ হৈ পৰে।

মৰিগাঁও জিলাৰ বঘৰা ঘুলিগাঁও নিবাসী পৰেশ বৰা পাটনা ৰে’ল ষ্টেছনত হঠাতে কিদৰে নিৰুদ্দেশ হৈ পৰিল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।

পৰেশ বৰাৰ পিতৃ ৰুদ্ৰ সিং বৰাই পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত মৰিগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে।

উঠি অহা যুৱক জনক কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰো সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত চলালে যুৱক জনক শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

Related News