গুৱাহাটীতো আলফাৰ ধন সংগ্ৰহ অভিযান! দৃষ্টি ৰাজখোৱাৰ নামত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল যুৱক

ULFA

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰা হানুন চাংমা।

শেহতীয়াকৈ আলফাৰ সক্ৰিয়তা ভালেখিনি বৃদ্ধি পোৱাৰ মাজতে আজি গুৱাহাটীত আলফাৰ নামত ধন দাবী কৰা এজন যুৱক আৰক্ষীৰ জালত পৰে। গড়চুক আৰক্ষীয়ে লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম হানুন চাংমা আৰু ঘৰ গোৱালপাৰা জিলাৰ আগিয়াত। বয়স ২৮ বছৰ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যুৱকজনে আলফা (স্বাঃ)ৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ নামত গড়চুকৰ এজন ব্যৱসায়ীৰ পৰা ২ লাখ টকা দাবী কৰিছিল। ৪ নৱেম্বৰৰ দিনা ফোনযোগে এই ধন দাবী কৰিছিল যুৱকজনে। পিছত দৰদাম কৰি সেই পৰিমাণ ৫০ হাজাৰত ৰাজি হয় যুৱকজন।

গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰনাথ কলিতাৰ মতে, এই সন্দৰ্ভত ব্যৱসায়ীজনে ৪ নৱেম্বৰত গড়চুক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ পৰিকল্পনামতে, আজি যুৱকজনক ধন নিবলৈ মাতে ব্যৱসায়ীজনে। তেতিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে হান সঁচা আলফা নে মিছা আলফা সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই।

আৰক্ষীয়ে  যুৱকজনক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। আৰক্ষীৰ জেৰাত যুৱকজনে তেওঁৰ সৈতে থাপা উপাধিৰ আৰু এজন সহযোগী থকা বুলি স্বীকাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰাৰ অধীনত 629/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।