কা বিৰোধী আন্দোলন চাবলৈ যোৱা মহানগৰীৰ যুৱক দুমাহ ধৰি সন্ধানহীন

‘মোৰ বোপাই তই য’তেই আছ ঘৰলৈ ঘূৰি আহ’ দুৰ্ভগীয়া মাতৃৰ আহ্বান

index

সন্ধানহীন ৰাজদ্বীপ দাস। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰিত হোৱাৰ দিনটোতে অৰ্থ্যাৎ যোৱাবৰ্ষৰ ১১ ডিচেম্বৰৰ দিনাৰ পৰা সন্ধানহীন হৈ আছে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত উদয়াচলৰ এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম ৰাজদ্বীপ দাস(২৩)।

সন্ধানহীন যুৱকজনৰ পিতৃৰ নাম প্ৰবীৰ দাস আৰু মাতৃৰ নাম মঞ্জু দাস। পুত্ৰ ৰাজদ্বীপৰ অনুপস্থিতিত দুখে আগুৰি ধৰিছে দুয়োকে আৰু অতি অশান্তিৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।

‘আমাৰ বহু মৰমৰ আছিল সি। সি ঘৰত নথকাত আমি শান্তিৰে থাকিব পৰা নাই। মোৰ বোপাই তই য’তেই আছ ঘৰলৈ ঘুৰি আহ।‘ দুৰ্ভগীয়া মাতৃ মঞ্জু দাসে আমাৰ সাংবাদিকৰ আগত সন্ধানহীন পুত্ৰলৈ আহ্বান জনাই এইদৰে কয়।

ইপিনে, ১১ ডিচেম্বৰৰ দিনা দিনৰ প্ৰায় ১১ বজাত ‘কা’ বিৰোধী আন্দোলনৰ আন্দোলনকাৰীৰ চিঞৰ শুনি ঘৰৰ পৰা ওলাই যোৱা বুলি মাতৃয়ে সন্দেহ কৰিছে যদিও ঘৰৰ পৰা ওলাই যাওঁতে কাকো ক’ত যাব একো জনাই যোৱা নাছিল ৰাজদ্বীপে।

ৰাজদ্বীপে আনকি ঘৰত পিন্ধা কাপোৰেৰেই ওলাই গৈছিল আৰু লগত মোবাইল নিয়া নাছিল।

ইপিনে, ১১ ডিচেম্বৰতেই ঘৰৰ পৰা ওলাই যোৱা ৰাজদ্বীপ ১৫ ডিচেম্বৰ পৰ্য্যন্ত উভটি নহাত ভঙাগড় থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

ইপিনে, বয়স ১৮ বছৰৰ ওপৰৰ হোৱা বাবে কেৱল সন্ধানহীন হিচাপেহে এজাহাৰখন গ্ৰহণ কৰে আৰু কোনোধৰণৰ গোচৰ ৰুজু নকৰে।

বৰ্তমানলৈকে আৰক্ষীয়ে কোনোধৰণৰ শুংসুত্ৰ লাভ কৰিব পৰা নাই ৰাজদ্বীপৰ।

ৰাজদ্বীপৰ সন্ধান পালে পৰিয়ালৰ লোকে ৬৯০১৪৬১৭৫০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

ৰাজদ্বীপ মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চিটী চেন্টাৰৰ এজন কৰ্মচাৰী আছিল।