NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীৰ ৱায়াৰলেছৰ পৰা সন্ধানহীন প্ৰাক্তন আই এ এছ বিষয়াৰ পুত্ৰ,চিন্তিত পৰিয়াল

December 26, 2021 8:03 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 26, 2021 9:29 pm

গুৱাহাটী মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰ বাইলেন-১ ৰ পৰা এগৰাকী যুৱক ২৪ ডিচেম্বৰৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথাই পৰিয়ালটোৰ লগতে স্থানীয় লোকৰ মাজত উৎকণ্ঠা বঢ়াই তুলিছে।

ৱায়াৰলেছৰ বশিষ্ঠপুৰ বাইলেন-১ ৰ অসম-মেঘালয় কেডাৰৰ প্ৰাক্তন আই এ এছ বিষয়া প্ৰয়াত পি কে গগৈ আৰু ইন্দুশ্ৰী গগৈৰ পুত্ৰ ভাস্কৰ জ্যোতি গগৈয়ে ২৪ ডিচেম্বৰৰ পুৱা ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে আত্মীয় আৰু বন্ধুবৰ্গৰ ঘৰত যুৱক জনৰ সন্ধান বিচাৰি যোগাযোগ কৰিছে যদিও এতিয়ালৈকে ভাস্কৰ জ্যোতি গগৈৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই।

ইতিমধ্যে দিছপুৰ আৰক্ষী চকীত এই বিষয়ে অৱগত কৰা হৈছে যদিও যুৱক জনৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়েও।

নিৰুদ্দিষ্ট লোক জন মানসিক ভাবে কিছু অসুস্থ বুলিও জানিব পৰা গৈছে।

ভাস্কৰ জ্যোতি গগৈৰ কোনো লোকে কোনো সন্ধান পালে 97060 13278 ফোন নম্বৰত অথবা দিছপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Related News