বছৰৰ শেষত সমাজ জীৱনলৈ তথা নিজৰ কৰ্মৰাজিৰ জড়িয়তে বিভিন্ন সময়ত শিৱসাগৰলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট ব্যক্তি, সাংবাদিক সকলক আজি বিশেষ সম্বৰ্দ্ধনা জনায় শিৱসাগৰ জিলাৰ অনুসূচীত জাতি ছাত্ৰ সন্থাই।
শিৱসাগৰৰ অডিঅ’ চিটিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ অনুসূচীত জাতি ছাত্ৰ সন্থাই বহু কেইগৰাকী ব্যক্তিক বিশেষ সম্বৰ্দ্ধনা জনায়।
শিৱসাগৰ জিলাৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি মৃদুল দাসে আঁত ধৰা এই বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত
মুখ্য বিজ্ঞানীক ড০ খগেশ্বৰ দাসলৈ ২০২১ বৰ্ষৰ সমাজসেৱক বঁটা আগবঢ়ায় সংগঠনটোৱে।
ইয়াৰোপৰি ২০২১ বৰ্ষৰ ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অ’এনজিচিৰ সৰ্বভাৰতীয় অনুসূচীত জাতি জনজাতি কৰ্মচাৰী পৰিষদৰ সভাপতি পোনাৰাম মিলি, স্বাধীনতা সংগ্ৰামী বীৰ বাহু কৈৱৰ্ত বঁটা লাভ কৰা অ’এনজিচি অনুসূচীত জাতি জনজাতি কৰ্মচাৰী কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক জগত চন্দ্ৰ হাজৰিকা, ৰ’টাৰী ক্লাৱৰ ২০২১ বৰ্ষৰ এক্সিলেণ্ট বঁটা বঁটা লাভ কৰা শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক অতনু বৰা, ২০২১ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় দূৰ্নীতি বিৰোধী বঁটা লাভ কৰা সাংবাদিক ভৈৰৱ মুণ্ডা, এনকে টিভিৰ ২০২১ বৰ্ষৰ উৎকৃষ্ট বঁটা লাভ কৰা সাংবাদিক জয়জ্যোতি গগৈ, ডিৱাই ৩৬৫ ৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকৰ বঁটা লাভ কৰা যুৱ সাংবাদিক ভাস্কৰজ্যোতি দাস, বিশিষ্ট সমাজকৰ্মী, সাংবাদিক ৰাতু কুমাৰ দাস আৰু নৰ্থইষ্ট নাওৰ সাংবাদিক পাৰ্শ্বজ্যোতি গগৈ, অ’এনজিচিৰ অনুসূচীত জাতি জনজাতি কৰ্মচাৰী কল্যাণ পৰিষদৰ উপ সভাপতি ডেম্বিৰাম পাংগিং, অনুসূচীত জাতি উন্নয়ণ বৰ্ডৰ নৱ নিযুক্ত সভাপতি পবিত্ৰ দাসক সম্বৰ্দ্ধনা জনায়।





