কবিতাত ৰাম শব্দ ব্যৱহাৰ কৰি বিপদত যুৱ কবি নীলাভ সৌৰভ, ঘৰত গৈ আক্ৰমণ কৰাৰ হুংকাৰ হিন্দুত্ববাদীৰ

অশান্ত আৰু অসহনশীল হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি তথা হিন্দুত্ববাদী শক্তি। এইবাৰ শ্ৰীৰামৰ নাম ব্যৱহাৰ কৰি প্ৰতীকেৰে প্ৰতিবাদী কৰিতা লিখাৰ বাবে বিপদৰ সমুখীন হৈছে ৰহাৰ যুৱ কবি নীলাভ সৌৰভ ওৰফে ৰেকিবুদ্দিন আহমেদ।

ঊল্লেখ্য যে দীৰ্ঘদিন ধৰি নিজৰ কবিতা আৰু সামাজিক মাধ্যমত চৰকাৰৰ বিধ্বংসী কাৰ্যকলাপ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল এইজন যুৱ কবিয়ে। কা আন্দোলনৰ সমপয়তো ৰাজপথত সক্ৰিয়ভাবে আন্দোলন কৰিছিল কবি নীলাভ সৌৰভে। দীৰ্ঘদিনৰ পৰা সামাজিক মাধ্যমত হিন্দুত্ববাহিনী শিবিৰৰো আক্ৰমণৰ বলি হৈ আহিছিল কবি নীলাভ সৌৰভ। 

শেহতীয়াকৈ ৰাম আৰু সীতাক প্ৰতীক হিচাপে লৈ লিখা এটা প্ৰতিবাদী কবিতাৰ বাবেই বিজেপি আৰু হিন্দুত্ববাদী বাহিনীয়ে কেইবাখনো থানাত ৰুজু কৰিছে গোচৰ। আনকি মুছলমান ধৰ্মালম্বী লোক হোৱাৰ বাবেই ধৰ্মীয় মেৰুকৰণেৰে আক্ৰমণ কৰা হৈছে কবিগৰাকীক। 

আচলতে কবিতাটোত আছিল কি? ৰাম আৰু সীতাক এহাল সাধাৰণ দৰিদ্ৰ আৰু সমস্যাৰে জৰ্জৰিত দম্পতী হিচাপে প্ৰতীক কৰি কবিতাটো ৰচনা কৰিছিল কবিগৰাকীয়ে। দৰিদ্ৰ মানুহৰ দুখ যান্ত্ৰণা আৰু চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছিল কবিতাৰ ভাবাৰ্থই । সেইবাবেই  বিজেপিয়ে কবিগৰাকীক আক্ৰমণ কৰি লোৱা পৰিলক্ষিত হৈছে বুলি দাবী জনাইছে প্ৰগতিশীল সমাজে। 

ইফালে এই কবিতাক কেন্দ্ৰ কৰি স্বয়ম্ভূ হিন্দু নেতা সত্যু ৰঞ্জন বৰাই কবি গৰাকীকৰ ঘৰলৈ বুলড’জাৰেৰে আক্ৰমণ কৰিবলৈ নিজৰ অণুৰাগী সকলক উচটাই দিয়া দেখিবলৈ পোৱা গৈছে। 

মুঠৰ ওপৰত এতিয়া ৰামৰ নামত দেশ বিক্ৰী কৰা চৰকাৰে ধৰ্মীয় উন্মাদনাৰে হৈ পৰিছে চুড়ান্ত অসহনশীল। ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ নামত অনাহিন্দু আৰু গণতান্ত্ৰিক চিন্তা-দৰ্শত বিশ্বাসী মানুহৰ ওপৰত চলিছে ইটোৰ পিছত সিটোকৈ আক্ৰমণ।