বিশ্বনাথত আৰক্ষীৰ সন্মুখতে পাকিস্তান জিন্দাবাদ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি, যুৱকক আটক

Assam-Legislative-Assembly

বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাকযুদ্ধত মিলিত হয় বিশ্বনাথৰে দেবজিৎ দাস নামৰ যুৱকজন।

বিশ্বনাথৰ যান বাহন আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়।

আৰক্ষীৰ দলটোৱে যুৱকজনে মুখত মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱকজন আৰক্ষীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ মই কৰোনা নামানো বুলি কয়।

ইফালে পুনৰ আৰক্ষীৰ দলটোৱে দেবজিৎ নামৰ যুবক জনৰ মটৰ চাইকেলৰ নথি পত্ৰ বিচৰাৰ লগতে হেলমেট নিপিন্ধা সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষীৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হৈ হঠাৎ পাকিস্তান জিন্দাবাদ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত আৰক্ষীৰ দলটোৱে।

আৰক্ষীৰ দলটোৱে যুবকজনক গাড়ীত উঠাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানালৈ লৈ যায়।

ইফালে এই দেবজিৎ নামৰ যুৱক জনৰ পৰিয়ালে যুৱকজন বহু দিনৰ পৰা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অবস্থাত থকাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে কেঞ্চাৰ ৰোগত আক্ৰান্ত যুৱকজন বিশ্বনাথ আৰক্ষী থানাৰ জিম্মাতে আছে।

পৰৱৰ্তী সময়তহে আৰক্ষীয়ে যুৱকজনে সংঘটিত কৰা এই ঘটনা উদ্দেশ্য প্ৰণোদিত আছিল নে মানসিক ভাৰসাম্য হেৰুওৱাৰ বাবেহে যুৱকজনে এনে আচৰণ কৰিলে এই বিষয়ে তদন্ত কৰিহে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।