তিনিচুকীয়াত বনৰীয়া হাতীয়ে গচকি হত্যা কৰিলে যুৱকক

প্ৰতিনিধিত্বমূলক ফটো।

এক মৰ্মান্তিক ঘটনাত শুকুৰবাৰে তিনিচুকীয়া জিলাত বনৰীয়া হাতীয়ে গচকি হত্যা কৰে এজন যুৱকক।

তিনিচুকীয়াৰ ডিগবৈ থানাৰ অন্তৰ্গত খেৰজান হালদিবাৰীত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনক পবিত্ৰ ফুকন বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰৰ কাষতে থকা অৱস্থাতে হঠাতে বনৰীয়া হাতীটোৱে তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁক আক্ৰমণ কৰি হত্যা কৰে।

লগতে পঢ়কঃ ICC U19 Mens Cricket World Cup: শচীন-উদয়ৰ শতকৰ পিছত সৌম্যৰ স্পিনৰ যাদু! নেপালক পৰাস্ত কৰি ছেমিত ভাৰত

বন বিভাগৰ বিষয়াসকলে ততাতয়াকৈ সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

এই সন্দৰ্ভত পৰিৱেশবিদ দেৱজিৎ মৰানে কয়, ‘বনাঞ্চলৰ আৱৰণ সংকুচিত হোৱাৰ বাবে অসমত হাতী-মানুহৰ সংঘাতৰ ঘটনা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। প্ৰায়ে অৰণ্যৰ পৰা হাতী খাদ্যৰ সন্ধানত ওলাই আহি মানুহৰ বাসস্থানত প্ৰৱেশ কৰে। হাতী-মানুহৰ সংঘাত লাঘৱ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।’

লগতে পঢ়কঃক্ষমতাই মূৰত ধৰিছে! ভূমি বিবাদক লৈ থানাৰ ভিতৰতে মিত্ৰজোঁটৰ নেতাক গুলীয়ালে বিজেপি বিধায়কে!

তেওঁ কয়, ‘আপাৰ দিহিং ব্লকৰ পৰা হাতীবোৰ ওলাই আহে কিয়নো বেদখলৰ বাবে হাতী কৰিডৰৰ অধিকাংশই বন্ধ হৈ পৰিছে আৰু ফলত হাতীবোৰে মুক্ত চলাচলৰ সমস্যাৰ সন্মুখীন হৈছে যাৰ ফলত এই সংঘাতৰ সৃষ্টি হৈছে। এয়া প্ৰথম ঘটনা নহয়, আগতেও বহু ঘটনা সংঘটিত হৈছে। চৰকাৰে বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ এটা উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব লাগে।”