NORTHEAST NOW (Assamese)

কেবৰ বিৰুদ্ধে শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাৰ উলংগ প্ৰতিবাদ

December 8, 2019 8:45 pm · পার্শ্বজোতি গগৈ
Updated: December 8, 2019 10:10 pm

ৰাজ্যৰ চাৰিওফালে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি সন্ধিয়া শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ তিনিগৰাকী সদস্যই সম্পূৰ্ণ উলংগ হৈ বিধেয়কৰ বিৰুদ্ধে ওলাই আহে।

প্ৰতিবাদস্থলীত সংগঠনটোৰ সদস্যসকলে ‘বিজেপি গ’ বেক, আৰ এছ এছ গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, জয় আই অসম’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

উলংগ প্ৰতিবাদ কৰা যুৱক কেইগৰাকীয়ে কয়, ‘বিজেপি চৰকাৰৰ বাবে আজি আমি উলংগ হবলৈ বাধ্য হলো। যদি বিজেপি চৰকাৰে কেব গৃহীত কৰে অসম ৰাঙলী হ’ব। ইয়াৰ পিছতো যদি এই বিল গৃহীত কৰে তেন্তে পুনৰ শৰাইঘাটৰ ৰণৰ বাবে বিজেপিক সাজু থাকক।’

পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ উলংগ প্ৰতিবাদ কৰা যুৱক কেইজনক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।

Related News