NORTHEAST NOW (Assamese)

বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু যুৱ ছাত্ৰৰ

January 12, 2019 10:34 am · এন ই নাও নিউজ
বৰাকৰ প্রাক্তন ছাত্ৰনেতা প্ৰদীপ দত্ত ৰয়। ফাইল ফটো

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰাৰ বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ছাত্র-ছাত্রীৰ প্ৰতি অবাঞ্চিত বক্তব্য প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।

দত্তৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহণৰ মানৱাধিকাৰ খৰ্ব কৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রীসকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাস্প বিয়পোবাৰ অভিযোগ তুলি পৰিষদে শুকুৰবাৰে নগাঁও সদৰ থানাত দত্তৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

যুৱ ছাত্ৰ পৰিষদে প্ৰদীপ দত্ত ৰয়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে শুকুৰবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভায়ো এখন এজাহাৰ দাখিল কৰিছে। গুৱাহাটী পাণবজাৰ থানাত ছাত্ৰ সংগঠনটোৱে দত্ত ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Related News