সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাৰ ভাবুকি; যুৱ সাংবাদিক সন্থা, অসমৰ তীব্ৰ গৰিহণা

Piyush Hazarika

মন্ত্ৰী পীযুষ হাজৰিকা।

মন্ত্ৰী পীযুষ হাজৰিকাই এগৰাকী সাংবাদিকক ফোন যোগে মুকলিকৈ নি:শেষ কৰাৰ ভাবুকি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যখনৰ যুৱ সাংবাদিক সন্থা, অসমে।

যুৱ সাংবাদিক সন্থা, অসমৰ সভাপতি চন্দন দাস আৰু সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে প্ৰকাশ কৰা এক বিবৃতিত মন্ত্ৰীগৰাকীৰ এনে নিন্দনীয় কাৰ্যক ধিক্কাৰ দিয়া হয়।

বিবৃতিটোত কোৱা হয়,’’প্ৰতিদিন টাইম চেনেলৰ সাংবাদিক নজৰুল ইছলামক অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই তেখেতৰ পত্নী আইমী বৰুৱাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা বুলি অভিযোগ তুলি সাংবাদিক জনক ফোনযোগে ঘৰৰ পৰা চোঁচৰাই আনি শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ যি মুকলিকৈ ভাবুকি প্ৰদান কৰিছে,  এই ঘটনাক আমি যুৱ সাংবাদিক সন্থা,অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছো।‘’

‘’কিয়নো যিখন চৰকাৰৰ খোদ মুখ্যমন্ত্ৰীজনেই প্ৰতি ক্ষেত্ৰতে সাংবাদিক সকলৰ নিৰাপত্তা কথা কয় তেনে এজন মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ এজন জনপ্ৰতিনিধি মন্ত্ৰীয়ে যদি সাংবাদিকক মুকলিকৈ ভাবুকি প্ৰদান কৰিব লগীয়া হয় তেনে এজন মন্ত্ৰীৰ পৰা আৰু ৰাইজে কি আশা কৰিব পাৰে ?’’-যুৱ সাংবাদিক সন্থাৰ প্ৰশ্ন।

সেয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানকে ধৰি গৃহদপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়েও যাতে এই ঘটনাটো গুৰুত্ব সহকাৰে লৈ এক তদন্ত কৰে তাৰবাবে  যুৱ সাংবাদিক সন্থা ,অসমে দাবী জনায়।

তদুপৰি, যুৱ সাংবাদিক সন্থাই বিবৃতিটোত স্পষ্ট কৰি দি কয়, ‘’প্ৰতিদিন টাইমৰ সাংবাদিক নজৰুল ইছলামৰ গাত যদি অনাগত দিনত এটাও আঁচোৰ পৰে ইয়াৰ বাবে যে মন্ত্ৰী পীয়ুষ হাজৰিকাই দায়ী হ’ব সেয়াও আমি অসম আৰক্ষীক জনাই থ’লো।‘’