Zelensky says no ceasefire without recovering land ৰাছিয়াই যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আহিছে। পশ্চিমৰ দেশসমূহৰ সমৰ্থন লাভ কৰা ইউক্ৰেইনে শক্তিশালী ৰাছিয়াৰ হাতত দেশখনৰ কিছু অঞ্চল হেৰুৱাইছে।
ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই অঞ্চলসমূহৰ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ অনাৰ পূৰ্বে ৰাছিয়াৰ সৈতে কোনো যুদ্ধবিৰতিৰ সম্ভাৱনা অস্বীকাৰ কৰিছে।
লগতে পঢ়ক: Sri Lanka New Prime Minister: শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দীনেশ গুণাৱৰ্ধনে
শুকুৰবাৰে ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে হেৰুওৱা অঞ্চলসমূহ পুনৰুদ্ধাৰ নকৰাকৈ ৰাছিয়াৰ সৈতে কৰা যুদ্ধবিৰতিয়ে কেবল যুদ্ধখন দীঘলীয়াহে কৰিব।
তেওঁ সতৰ্ক কৰি দি কয় যে যিকোনো যুদ্ধবিৰতিয়ে ইউক্ৰেইনৰ অধিকৃত অঞ্চলৰ ওপৰত ৰাছিয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ইয়াৰ লগতে এইটোৱে ৰাছিয়াক এক নতুন সংঘৰ্ষত লিপ্ত হ’বলৈ উৎসাহিত কৰিব। তদুপৰি, এই চুক্তিয়ে মস্কোক পৰৱৰ্তী পৰ্যায়ৰ যুদ্ধৰ পৰিকল্পনা কৰিবলৈ সুযোগ আনি দিব।
লগতে পঢ়ক: পশ্চিম বংগত ইডি- ৰ অভিযানত তৃণমূল মন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীৰ ঘৰত ওলাল ২০ কোটি টকাৰ নগদ ধন
ইপিনে, জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাই মোবিলিটি আৰ্টিলাৰী ৰকেট চিষ্টেমছৰ বিষয়ে উল্লেখ কৰি এই অস্ত্ৰসমূহ প্ৰয়োজনতকৈ অতি কম যোগান ধৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমি বিশ্বাস কৰোঁ যে আমি প্ৰথমে ৰাছিয়াৰ হাতত হেৰুওৱা হোৱা অঞ্চলসমূহ মুক্ত কৰিব লাগিব। তেতিয়া আমি সিদ্ধান্ত লম আমি পৰৱৰ্তী শতিকাত কেনেকৈ জীয়াই থাকিব পাৰোঁ।‘’
তেওঁ কয় যে ৰাছিয়াৰ বিমান আক্ৰমণৰ পৰা বাচি থাকিবলৈ ইউক্ৰেইনক আৰু অধিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন।
লগতে পঢ়ক: Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে
আনহাতে, শুকুৰবাৰে (২২ জুলাই) ৰাছিয়া আৰু ইউক্ৰেইনে কৃষ্ণ সাগৰেৰে খাদ্যশস্য ৰপ্তানিৰ এক ঐতিহাসিক চুক্তিত উপনীত হয়। ইয়াৰ জৰিয়তে বিশ্ব সাম্ভাব্য খাদ্য সংকটৰ পৰা মুক্ত হ’ব বুলি আশা কৰা হৈছে।