বুচাৰ নাগৰিকৰ সৈতে পশুৰ দৰে ব্যৱহাৰ কৰিছে ৰুছ সেনাই; আজি ৰাষ্ট্ৰসংঘত ভাষণ দিব জেলেনস্কিয়ে

WhatsApp Image 2022-04-05 at 8.01.48 AM

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

বুচা চহৰ পৰিদৰ্শন কৰি সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সাংবাদিকৰ আগত বক্তৱ্য ৰাখে। কীয়েভৰ সমীপৱৰ্তী চহৰখনত অসামৰিক নাগৰিকসকলক ৰুছ সেনাই হত্যা কৰাৰ অভিযোগ কৰে জেলেনস্কিয়ে।

তেওঁ কয় যে নিজে আক্ৰান্ত হ’লেও গৃহহীন পশুসকলক খাদ্যৰ নিশ্চিত প্ৰদান কৰিছে বুচাৰ বাসিন্দাসকলে।

জেলেনস্কিয়ে কয়, ‘’এইটোৱে আমাৰ বৈশিষ্ট্য। আমি ভাৱো আন প্ৰাণীৰ সৈতে যি ধৰণৰ আচৰণ কৰিব, মানুহৰ সৈতেও একেই আচৰণ কৰিব।‘’

লগতে পঢ়ক: ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অভিযোগ কৰি কয়,’’আপোনালোকে চাৰিওপিনে দেখিছে আধুনিক চহৰখনক কেনেকুৱা কৰি পেলাইছে। এইটোৱে ৰাছিয়াৰ সেনাৰ চৰিত্ৰ। তেওঁলোকে মানুহৰ সৈতে পশুতকৈও নিকৃষ্ট আচৰণ কৰিছে। আপুনি ইয়াত আজি যিটো দেখিছে সেইটোৱে আচলতে গণহত্যা।‘’

তেওঁ লগতে কয়,’’আমাৰ সেনা বাহিনীৰ সৈতে ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা অঞ্চলত গ’লেই দেখিব তাত কি ঘটিছে। প্ৰতি দিনে তেওঁলোকে মাটিৰ তলত মৃতদেহ বিচাৰি পাইছে। মানুহক নিৰ্যাতন কৰা হৈছে, মাৰি পেলোৱা হৈছে।‘’

ইপিনে, আজি মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ভাষণ দিব। সোমবাৰে নিশা এক ভিডিঅ’ বাৰ্তাত তেওঁ এই কথা জানিবলৈ দিয়ে।

লগতে পঢ়ক: পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে, কোন হ’ব প্ৰধানমন্ত্ৰী?

তেওঁ ইউক্ৰেইনৰ জনতাৰ উদ্দেশ্যি কয় যে এই ভাষণ কীয়েভৰ স্বাৰ্থত, বুচাত অসামৰিক লোকৰ হত্যাৰ মুক্ত আৰু নিৰপেক্ষ তদন্তৰ বাবে দিয়া হ’ব।বিশ্ব  সম্প্ৰদায়ৰ আগত আমাৰ মতামত জনোৱা হ’ব আৰু ব্যাখ্যা দাঙি ধৰা হ’ব।