জোৰামথাংগাৰ ছন্দপতন: অভিনৱ উত্থানেৰে মিজোৰামত জয় জোৰাম পিপলছ মুভমেণ্টৰ

Mizoram

আজি ঘোষণা কৰা হৈছে মিজোৰাম বিধানসভা নির্বাচনৰ। অভিনৱ উত্থানেৰে এইবাৰ ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ নিশ্চিত কৰিছে জোৰাম পিপলছ মুভমেণ্টে।

ৰাজ্যৰ শাসকীয় মিজো নেচনেল ফ্ৰণ্টক বৃহৎ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিছে জোৰাম পিপলছ মুভমেণ্টে। ৪০ খন আসন থকা মিজোৰাম বিধানসভাৰ ২৭ খন আসনতে জয়লাভ কৰিছে দলটোৱে।

আনহাতে মিজো নেচনেল ফ্ৰণ্টে মাত্ৰ ১০ খন আসনতে সীমিত থাকি পৰাজয় স্বীকাৰ কৰে। বিজেপিয়ে ২ খন আৰু কংগ্ৰেছে ১ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় নিৰ্বাচনত।

লক্ষনীয়ভাৱে বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগা পৰাস্ত হৈছে নিৰ্বাচনত। আইজল ইষ্ট- ১ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰা জোৰামথাংগা জেড পি এমৰ প্ৰাৰ্থী লালথানছাঙৰ হাতত ২১০১টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।

আনহাতে, জেড পি এমৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰী প্ৰাৰ্থী লালডুহোমাই চেৰচিপৰ পৰা ২৯৮২টা ভোটৰ ব্যৱধানেৰে জয়লাভ কৰিছে।

নিৰ্বাচনত জয়ৰ পাছতে লালডুহোমাই চৰকাৰ গঠনৰ বাবে মঙলবাৰ বা বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে এই মাহৰ ভিতৰত শপতগ্ৰহণ হ’ব বুলিও নিশ্চিত কৰে।

ইফালে বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগাই পৰাজয়ৰ পিছতে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে।