NORTHEAST NOW (Assamese)

“ছিংগাপুৰত চৰিত্ৰ, গুৱাহাটীত পৰিচালক…” গৰিমা গাৰ্গক বদনাম কৰাৰ আঁৰত কোন?

September 23, 2025 8:58 am · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত উদ্ভৱ হোৱা বিতৰ্কই নতুন পাক লৈছে। শিল্পী গৰাকীৰ  পত্নী গৰিমা শইকীয়া গাৰ্গক সামাজিক মাধ্যমত বদনাম কৰাৰ আঁৰত এগৰাকী অনা অসমীয়াব্যক্তিৰ ভূমিকা সন্দেহৰ আৱৰ্তত পৰিছে। জেষ্ঠ সাংবাদিক শিবানু বৰাৰ ফেচবুক পোষ্টত প্ৰকাশ কৰা অনুসৰি এই ব্যক্তিগৰাকী গুৱাহাটীত থাকি পৰিস্থিতি পৰিচালনা কৰি আছে, আনহাতে মূল চৰিত্ৰই ছিংগাপুৰত অৱস্থান কৰিছে। ইয়াৰ লগতে, জুবিনৰ মুখাগ্নি কৰিবলগীয়া চাৰিগৰাকী ব্যক্তিৰ তালিকাত এই অনা অসমীয়া গৰাকীৰো নামো অন্তৰ্ভুক্ত থকাৰ  বুলি উল্লেখ কৰি কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইচ্চাকৃত ভাবে চতুৰ্থজন ব্যক্তিৰ নাম উল্লেখ কৰাৰ পৰা  বিৰত থাকে ।

উল্লেখ্য যে শনিবাৰে (২০ চেপ্টেম্বৰ) নিশা প্ৰায় ৭.৩০ বজাত সাংবাদিক অতনু ভূঞা, জয়ন্ত ডেকা আৰু অন্যান্যই জুবিনৰ ঘৰলৈ যায়। তাত গৰিমাৰ সৈতে কিছু সময় কটোৱাৰ পিছত তেওঁলোকৰ দৃষ্টিত পৰে এটা ভিডিঅ‘, ত গৰিমাই সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। কিন্তু ভিডিঅৰ শেষত গৰিমাই জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই লবলৈ আহ্বান জনাই কান্দি উঠা দেখা যায়। এই ভিডিঅজুবিনৰ ফেচবুক পেজত আপলোড হৈছিল, কিন্তু গৰিমাৰ পেজৰ পৰা নহয়। ইয়াৰ ফলত বহুতৰ মনত সন্দেহৰ সৃষ্টি হয়।

শিবানু বৰাই উল্লেখ কৰা অনুসৰি এই ভিডিঅৰ পিছফালে আছে এগৰাকী অনা অসমীয়া ব্যক্তিৰ ভূমিকা। শনিবাৰে গৰিমা গাৰ্গৰ ওচৰলৈ যোৱা দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই পৰিৱেশ শান্ত কৰিবলৈ ভিডিঅএটা প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষী বিষয়াসকল ওলাই যোৱাৰ পিছত এই অনা অসমীয়াগৰাকীয়ে গৰিমাক সিদ্ধাৰ্থৰ হকে কথা সংযোজন কৰিবলৈ কয়। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা এই ব্যক্তিগৰাকীৰ কথাত গৰিমাই সেইদৰে কৰে। তাৰ পিছত ভিডিঅটো এখন জনপ্ৰিয় ছবিৰ প্ৰযোজকে জুবিনৰ পেজত আপলোড কৰে, যাতে অধিক লোকে চাব পাৰে।

কিন্তু এই ভিডিঅআপলোড হোৱাৰ পিছতে গৰিমাৰ গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত নিকৃষ্ট পষ্ট আৰু চৰিত্ৰহনন কৰা পৰিলক্ষিত হৈছে। সিদ্ধাৰ্থৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে চি আই ডিক তদন্তৰ নিৰ্দেশ দিয়ে যদিও ইয়াৰ আঁৰত সন্দেহজনক ভূমিকা লক্ষ্য কৰা গৈছে। প্ৰশ্ন উঠিছে যে এই অনা অসমীয়াগৰাকীয়ে  কিয় গৰিমাক সিদ্ধাৰ্থৰ হকে কথা কবলৈ কলে? ছিংগাপুৰত থকা সিদ্ধাৰ্থই এই ব্যক্তিগৰাকীক নিৰ্দেশ দিছিল নেকি? এই ৰহস্যই তদন্তকাৰী সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব বুলি বহুতে মত প্ৰকাশ কৰিছে।

ইফালে, মঙলবাৰ ২৩ চেপ্টেম্বৰত জুবিন গাৰ্গৰ মুখাগ্নিৰ বাবে শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ, পুত্ৰসম ৰাহুল গৌতম আৰু অৰুণ গাৰ্গ (আচল নাম অৰুণ চাচনী)ৰ নাম প্ৰকাশ পাইছে। উল্লেখযোগ্য যে অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ চাচনী। জুবিন গাৰ্গে অৰুণক গাৰ্গ উপাধিটো ব্যৱহাৰ কৰিবলৈ কোৱাৰ পিছত তেওঁৰ নাম এতিয়া অৰুণ গাৰ্গ। চতুৰ্থ ব্যক্তিগৰাকীৰ নাম পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উল্লেখ কৰাৰ পৰা বিৰত থাকে।

তেওঁ আৰু উল্লেখ কৰিছে যে, “এতিয়া প্ৰশ্ন হৈছে এই অনা অসমীয়া ব্যক্তিগৰাকীয়েও মঙলবাৰে জুবিনৰ মুখাগ্নি কৰিব নেকি? প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনালৈ চাই বাৰু ইচ্ছাকৃতভাবে তেওঁৰ নাম কোৱা হোৱা নাই নেকি ? সেয়া মঙলবাৰে গম পোৱা যাব। এনে এগৰাকী ব্যক্তিক মুখাগ্নি কৰিবলৈ নিদিবলৈও জুবিনৰ বহু অনুৰাগীয়ে আমাৰ আগত নিজৰ মত প্ৰকাশ কৰিছে। জুবিনৰ কাষত থকা এই অনা অসমীয়া ব্যক্তিকেইজনৰ বাবেই আজি জুবিনক অসমে হেৰুৱাবলগীয়া হল বুলি তেওঁলোকে মন্তব্য কৰিছে।

ইয়াৰ উপৰিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰশাসনে দিয়া ৩০০খন পাছৰ বিতৰণতো এই অনা অসমীয়াৰ ভূমিকালৈও ক্ষোভিত একাংশ অনুৰাগী। ২০ আৰু ২১ চেপ্টেম্বৰৰ বাবে দিয়া পাছসমূহৰ ম্যাদ ওকলি যোৱাৰ পিছত সোমবাৰে এই ব্যক্তিয়ে কেইবাখনো পাছ বিলাই দিয়াত অনুৰাগীসকল ক্ষোভ প্ৰকাশ কৰিছে। ফলত বহু বয়স্ক শিল্পী শ্ৰদ্ধাঞ্জলিৰ পৰা বঞ্চিত হয়। এই ঘটনাই পৰিয়াল আৰু অনুৰাগীৰ মাজত অসন্তোষ বৃদ্ধি কৰিছে।

এই সমগ্ৰ ঘটনাৱলীয়ে জুবিনৰ মৃত্যুৰ তদন্তক অধিক জটিল কৰি তুলিছে। আৰক্ষীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে, আৰু এই অনা অসমীয়াৰ ভূমিকাৰ ওপৰতো পোহৰ পেলোৱাৰ দাবী উঠিছে।

https://www.facebook.com/share/p/1CZpEbiomu

Related News