বহু হ’ল,বন্দুক -বাৰুদ আমাক আৰু নালাগে—কিয় ক’লে জুবিনে?

bhaba

বহু হ’ল৷বন্দুক -বাৰুদ আমাক আৰু নেলাগে৷এতিয়া উন্নয়ন হব লাগে৷নতুন পৰিকল্পনা লৈ সকলোৱে আগুৱাই যাব লাগিব৷

এই মন্তব্য অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ৷

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত বিটিআৰ প্ৰশাসনৰ উদ্যোগত ১৯ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জনগোষ্ঠীয় সাংস্কৃতিক বিনিময় মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী সন্ধিয়াৰ “ৰাগাম দি সংস্কৃতি” উদ্বোধন কৰি জনপ্ৰিয় শিল্পী গৰাকীয়ে  এনেদৰে কয় ।

শিল্পীগৰাকীয়ে কয় যে অসমখনত বিভিন্ন জাতি-জনজাতি,জনগোষ্ঠী আছে৷ভিন্ন সংস্কৃতি আছে৷আমি আগৰে পৰাই মিলিজুলি আছোঁ আৰু ভৱিষ্যতেও থাকিব লাগিব ৷
আনপিনে আলফাৰ দ্বাৰা অপহৃত কুইপৰ দুই বিষয়াৰ চৰম শাস্তি সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত জুবিন গাৰ্গে কয় যে মই কালিও আলফাক আহ্বান জনাইছোঁ৷মই নাভাৱো আলফাই চৰম সিদ্বান্ত ল’ব বুলি৷

উল্লেখ্য  সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো,কাৰ্য়ৱাহী সদস্য ক্ৰমে দাওবাইছা বড়ো,অৰুপ কুমাৰ দে উপস্থিত থাকে।

বৰ্ণিল অনুষ্ঠানটিত লগতে জনপ্ৰিয় বড়ো কন্ঠশিল্পী ক্ৰমে বুদাং বল্লৱ ব্ৰহ্ম,ৰীতা বসুমতাৰী,বিগ্ৰাই ব্ৰহ্ম আদিয়ে উপস্থিত শ্ৰোতা দৰ্শক ৰাইজক গীতৰ শৰাই আগবঢ়াই আপ্লুত কৰে৷