বিজেপিৰ পৰা পোৱা টকা সাধাৰণ মানুহক বিলাই দিব জুবিনে, আঁহতগুৰিত ঘোষণা

যিমান জেং নহওক প্ৰথম বুকুখন মোৰ, ময়ে প্ৰথম মৰিম : জুবিন

Zubeen Garg

যোৱা নিৰ্বাচনৰ সময়ত অসম বিজেপিৰ বাবে গান গোৱাৰ বিনিময়ত যি টকা পাইছিল সেই টকা ঘূৰাই দিম বুলি দুদিন পূৰ্বে কোৱা শিল্পী জুবিন গাৰ্গে এই টকা ৰাইজৰ মাজত বিলাই দিয়াৰ কথা ঘোষণা কৰিছে। ১৬ জানুৱাৰিত “মই দুই লাখ টকা ঘূৰাই দিম, বিজেপিয়ে বিশ্বাস ঘূৰাই দিয়ক” বুলি কৈছিল যদিও ৰাতিলৈ আঁহতগুৰিৰ ভোগালী বিহুৰ অনুষ্ঠানত গীত পৰিৱশেন কৰিবলৈ যাওঁতে শিল্পীজনে কয়, “মই সাধাৰণ মানুহক ঘূৰাই দিম। বিজেপি চৰকাৰক নিদিওঁ, দিলে আকৌ বটলা কামত ব্যৱহাৰ কৰিব।”

“যদি মানুহক চিনি নাপায়, বিজেপিয়েই হওক, কংগ্ৰেছেই হওক, কোনো থাকিব নোৱাৰে।”

“পৃথিৱীত এটাই বস্তু থাকে, সেইটো হ’ল সমাজবাদ। সমাজবাদী আছিল কলাগুৰু বিষ্ণু ৰাভা। ময়ো আছো, মই দৌৰি আছো। মই অলপ অকলশৰীয়া। কিন্তু আপোনালোক আছে। মই জানো।”, জুবিনে কয়।

“ছ’ ষ্টেণ্ড আপ, ৰাইজ আপ এগেইষ্ট দ্দা ছিষ্টেম।”

আনহাতে তেওঁ ঠিক সময়ত কাঞ্চনজংঘা বনোৱা বুলিও কয়। “যেতিয়া ছিষ্টেম বেয়া হয়, ইয়াক ভাঙি দিব লাগে।” শিল্পীজনে এইদৰে কৈ আকৌ কয়, “কিন্তু মই মাৰপিট কৰিবলৈ কোৱা নাই।”

তাৰ পিছত আকৌ আৱেগেৰে কয়, “প্ৰথম ময়ে ওলাম। যিয়েই নহওক, যিমান জেং নহওক প্ৰথম বুকুখন মোৰ। ময়ে প্ৰথম মৰিম।” শিল্পীজনে বৃহৎ জনসমাগমক উদ্দেশ্যি কয়। তেওঁ সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। সকলোকে ভাই ভাইৰ দৰে থাকিবলৈ কয়।

পৰা পোৱা টকা ৰাইজক বিলাই দিব জুবিনে