ৰংঘৰৰ বাকৰিত ব্ৰহ্মপুত্ৰ পৰিক্ৰমা শীৰ্ষক চাইকেল যাত্ৰাৰ শুভ উদ্বোধন কৰিলে জুবিন গাৰ্গে

শনিবাৰে ঐতিহাসিক ৰংঘৰৰ বাকৰিত শিৱসাগৰৰ যুৱক নৱজ্যোতি শইকীয়াৰ ব্ৰহ্মপুত্ৰ পৰিক্ৰমা শীৰ্ষক চাইকেল যাত্ৰাৰ শুভ উদ্বোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰৱ জুবিন গাৰ্গে।

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতিত ৭৫ বছৰত যিসকল বীৰে দেশৰ বাবে প্ৰাণ আহুতি দিলে সেই সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই চেল্যুত টু দ্যা ৰিয়েল হিৰ’চ,  পৰিবেশ সংৰক্ষণ, জল সংৰক্ষণ আৰু অংগ দান এই চাৰিটা শ্ল’গান সন্মুখত ৰাখি সমাজকৰ্মী নৱজ্যোতি শইকীয়াই শনিবাৰৰ পৰা ব্ৰহ্মপুত্ৰ পৰিক্ৰমা নামেৰে এক চাইকেল যাত্ৰা আৰম্ভ কৰে।

ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি আৰম্ভ কৰা এই চাইকেল ৰেলী শনিবাৰে বিয়লি ৪ বজাত শিৱসাগৰৰ ৰংঘৰৰ সন্মুখৰ পৰা আৰম্ভ হয়। ২৬০০ কিলোমিটাৰৰ এই চাইকেল যাত্ৰা শিৱসাগৰৰ পৰা ধুবুৰীলৈ আৰু ধুবুৰীৰ পৰা পাছিঘাট, ৰয়িং, শদিয়া হৈ শিৱসাগৰত সামৰণি পৰিব।

এই সমগ্ৰ যাত্ৰা অতিক্ৰম কৰিবলৈ প্ৰায় ৪০ দিন সময়ৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে নৱজ্যোতি শইকীয়াই।