• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে কৰা ‘অপকাৰ’ক লৈ মন্তব্য আলফা (স্বাধীন)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 9:24 pm
Paresh_Baruah ulfa(i)
281
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জাতীয় অৰ্কিড উদ্যানৰ অন্তৰ্গত প্ৰায় ৬ বিঘা মাটিত উচ্ছেদ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি উদ্যানখনে কি ‘অপকাৰ’ কৰিছে ৰাজহুৱা কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ।

‘অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে অসমৰ মাটি আৰু মানুহৰ কি অপকাৰ কৰিছে তাক ৰাইজে বুজি পোৱাকৈ প্ৰকাশ কৰক,’ সোণোৱাল চৰকাৰক আহ্বান আলফা (স্বাধীন)ৰ।

‘জনসমাদৃত’ উদ্যানখনক ‘তথাকথিত পৰিৱৰ্তনকামী চৰকাৰখনে উচ্ছেদ কৰিবলৈ লোৱা পদক্ষেপক’ সংগঠনটোৱে ‘তীব্ৰ বিৰোধিতা’ কৰিছে। এই পদক্ষেপ ‘বিজেপিৰ আক্ৰোশমূলক ও নিম্নৰুচিৰ ৰাজনীতি,’ আজি ১৭ জুলাইত নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত বিবৃতিত মন্তব্য আলফা (স্বাঃ)ৰ প্ৰচাৰ সদস্য ৰুমেল অসমৰ।

মুখ্য মন্ত্ৰী সোণোৱালক কাৰ স্বাৰ্থত কাম কৰি আছে বুলি প্ৰশ্ন কৰি সংগঠনটোৱে পতঞ্জলি আৰু চাহ বাগানৰ মাটিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।

‘পতঞ্জলিক ইমান বৃ্হৎ চৰকাৰী মাটি আবণ্টন দিয়াৰ ৰহস্য কি? ক্ষমতা আছে যদি বৃ্হৎ চাহ কম্পেনিবোৰে অতি কম দৰত খাজনা দি থকা তথা অবৈধভাৱে দখল কৰি থকা থলগিৰীৰ মাটিবোৰত উচ্ছেদ চলাব পাৰিবনে?’ সোণোৱালক প্ৰত্যাহ্বান বিদ্ৰোহী সংগঠনটোৰ।

উল্লেখযোগ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যানখন উচ্ছেদ কৰিব খোজা চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল।

অৰ্কিড উদ্যান সমবায় সমিতিৰ সাধাৰণ সম্পাদক ৰতন দাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ডব্লিউ পি চি ৮৩৮৪/১৮ নং লেখ আবেদনৰ পিছত উচ্ছেদৰ ক্ষেত্ৰত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে যোৱা ১১ জুলাইত স্থগিতাদেশ জাৰি কৰিছিল।

এই সন্দৰ্ভত অহা ২০ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd