• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অট্টালিকাবাসীৰ বাবে সু-খবৰ : মাটি অবিহনে কৰিব পাৰিব শাক-পাচলিৰ খেতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2018 9:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অট্টালিকাত বসবাস কৰাসকলৰ বাবে সুখবৰ। তাতোকৈ সু-খবৰ ব্যস্ততাপূৰ্ণ মহানগৰীৰ অট্টালিকাত বসবাস কৰা লোকসকলৰ। এতিয়া মাটি অবিহনে সম্পূৰ্ণ জৈৱিকভাৱে পানী আৰু পোহৰৰ সহায়ত কৰিব পাৰিব ভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কৃষি বিপণন ক্ষেত্ৰত যোৱা ৩০ জুনৰ পৰা শাক-পাচলি উৎপাদনৰ নতুন প্ৰকল্প হাইড্ৰ’পনিক এৰ’পনিক্স আৰম্ভ হৈছে।

Apply Now

এই পদ্ধতিৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে সতেজ শাক-পাচলি উৎপাদন কৰিব পাৰিব বুলি কৃষি বিপণন ক্ষেত্ৰৰ মাৰ্কেটিং হে’ড দিলজিৎ দাসে।

গ্ৰাহকক স্বাস্থ্যসন্মত খাদ্য সামগ্ৰী যোগান ধৰা আৰু নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলিও দিলজিৎ দাসে আমাক জানিবলৈ দিয়ে।

১৯১২ চনত ইজৰাইলত প্ৰথমে আৰম্ভ হোৱা এই পদ্ধতিৰ পাঞ্জাব, হাৰিয়ানাকে ধৰি দক্ষিণ ভাৰতৰ বহুতো অঞ্চলত এই পদ্ধতিৰ জৰিয়তে কৃষিক্ষেত্ৰত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে যদিও উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীত এই ব্যৱস্থা পোন-প্ৰথমবাৰৰ বাবে কৰা হৈছে।

লক্ষণীয়ভাৱে কোনোধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই পদ্ধতিৰ জৰিয়তে লাইশাক, পালেং, ফুলকবি, বন্ধাকবি, জলকীয়া, তিয়ঁহ ইত্যাদি শাক-পাচলিসমূহৰ খেতি কৰিব পাৰিব বুলি দাসে নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে।

তেওঁ লগতে কয় ‘পৰম্পৰাগতভাৱে আমি মাটিত খেতি কৰি আহিছিলো যদিও এই পদ্ধতিৰ জৰিয়তে ব্যতিক্ৰমীভাৱে খেতি কৰিব পাৰিব। কইম্বাট’ৰৰ চিয়েম্ব’ নামৰ এটা কোম্পানিৰ সৈতে লগ-লাগি এই প্ৰক্ৰিয়াৰ আৰম্ভ কৰা হৈছে।‘

এই পদ্ধতিত মাটিৰ পৰিৱৰ্তে কিছুমান লোহাৰ পাইপ, ফ’ম আৰু ৰঙা-নীলা-সেউজীয়া ৰঙৰ কিছুমান লাইট ব্যৱহাৰ কৰা হয়। লগতে বৰষুণৰ নিচিনাকৈ পানী ছটিয়াই দিব পৰাকৈ ব্যৱস্থা কৰি দিয়া হৈছে।

উল্লেখ্য যে  এই পদ্ধতিটো স্বয়ংক্ৰিয়ভাৱে হয় আৰু শাক-পাচলিৰ পুলিখিনিত যিসময়ত যিমান পৰিমাণে পানী, পোহৰ বা বায়ুৰ প্ৰয়োজন হয়, সেই অনুপাতে সময়মতে উপলব্ধ হয়।

মাৰ্কেটিং হে’ড দাসে লগতে জানিবলৈ দিয়ে যে গছ বা পুলি এটাই সাধাৰণতে মাটিৰপৰা শোষণ কৰা খনিজ লৱণখিনি এই পদ্ধতিত মাইক্ৰ’নিউট্ৰিয়েনছৰ জৰিয়তে পুলিসমূহক প্ৰদান কৰা হয়।

তেওঁ লগতে উদাহৰণসহ বুজাই দিয়ে এইদৰে ‘গুৱাহাটীত অট্টালিকাত বসবাস কৰা লোকসকলে খেতি কৰিবলৈ সুবিধা বিচাৰে যদিও কৰিবলৈ সুবিধা নাপায়। তথাপিও কিছুসংখ্যকে ঘৰৰ ছাদত মাছ অনা কাৰ্টন এটাত মাটি দি শাক-পাচলিৰ খেতি কৰে। এই ক্ষেত্ৰত পুলিকেইটা প্ৰতিপালন কৰাৰ বাবে ব্যক্তিজন নিজে জৰিত হৈ থাকিব লাগিব। কিন্তু ইয়াত স্বয়ংক্ৰিয়ভাৱে হয়, কাৰণে ব্যক্তিজন নিজে কামটোত লাগি থাকিব নালাগে। কাৰণ পোহৰৰ প্ৰয়োজন হ’লে লাইটকেইটা নিজে জ্বলি উঠিব। পানীৰ প্ৰয়োজন অনুভৱ কৰিলে বৰষুণৰ দৰে নিজেই পানীখিনি পুলিখিনিত পৰিব, মাইক্ৰ’ নিউট্ৰিয়েণ্টছৰ জৰিয়তে নিজেই খনিজ পদাৰ্থখিনি নিজেই পুলিখিনিয়ে গ্ৰহণ কৰিব। ২৮ ডিগ্ৰী তাপমাত্ৰা হোৱাৰ লগে লগে পাংখা কেইখন নিজে ঘূৰিব আৰু বৰষুণ পৰা আৰম্ভ হৈ যাব।‘

তাৎপৰ্য্যপূৰ্ণভাৱে এমাহৰ ভিতৰতে ৰোপন কৰা পুলিখিনিৰ পৰা খাদ্য সামগ্ৰী উৎপন্ন হ’ব বুলি তেওঁ আমাৰ সাংবদিকক জানিবলৈ দিয়ে। এক মাহৰ পিছত বিচৰা ধৰণে শাক-পাচলিৰ পুলি ৰোপণ কৰিব পাৰিব বুলিও তেওঁ কয়।

আনহাতে, ঘৰুৱাভাৱে এই কৃষি পদ্ধতি প্ৰয়োগ কৰিব বিচাৰিলে কৃষি বিপণন ক্ষেত্ৰত কিছুমান সৰু-সৰু আৰ্হি ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছে বুলি কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়াৰ উপৰিও ব্যৱসায়িক ভিত্তিত এই পদ্ধতিৰে খেতি কৰিবলৈ হ’লে বিপণন ক্ষেত্ৰত কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

এই ব্যৱস্থাৰ বাবদ শাক-পাচলিৰ খেতি কৰিবৰ বাবে ব্যৱহাৰকাৰীসকলৰ ন্যূনতম ৫০-৬০ হাজাৰ টকা খৰচ হ’ব বুলি কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd