• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম মাতৃৰ সন্তান’ মাৰি আনন্দিত হোৱা নাই, ভাস্কৰ কলিতাৰ পৰিয়াললৈ সমবেদনা জনাইছো : পৰেশ অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 7:06 pm
c-in-c of ulfa (i) paresh asom on police officer bhaskar kalita death
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ বৰদুমচাত কালি ৪ মে’ত আলফা (স্বাঃ) আৰু অসম আৰক্ষী-চি আৰ পি এফৰ মাজৰ সংঘৰ্ষত নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত শোক প্ৰকাশ কৰি আলফা (স্বাঃ) ( ULFA )ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে বিষয়াগৰাকীৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

বিষয়াজনৰ মৃত্যু প্ৰসংগত অসমৰ বিভিন্ন সংবাদ মাধ্যমক ফ’নযোগে আলফাৰ মুখ্য সেনাধ্যক্ষজনে কয় যে ‘অসমৰ সন্তানটো মাৰি আমি গৌৰৱ কৰা নাই বা আমি আনন্দিতও নহওঁ। নিজৰে এটা সন্তান।’

Apply Now

‘প্ৰথমতেটো আমাৰ ল’ৰাক সিহঁতি গুলী চলাইছে’ বুলি উল্লেখ কৰি তেওঁ কয় যে বাধ্যত পৰি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল।

‘আমি থানাত আক্ৰমণ কৰিবলে অহা নাইটো…হাবি কাষৰীয়া গাঁৱত আছো’ আৰু বিষয়াজনে বিষয়টো ‘এভইদ’ কৰিব পাৰিলেহেঁতেন বুলিও সেনাধ্যক্ষজনে মন্তব্য কৰে।

‘চি আৰ পি আহক, আহিবলে দে, লাগক, আমাৰ ক’ব লগা একো নাইটো’ বুলি মন্তব্য কৰি তেওঁ কয় ‘অসমৰ মাটিত জন্ম হৈছে। অসমৰ সংঘাত চলি আছে। এইবিলাক কথা অলপ বুজি পাব লাগে তেখেতসকলে। আমাৰ ল’ৰা হাবিয়ে হাবিয়ে ঘূৰিছে, থানালে অহা নাই নহয়। লগত কোব্ৰা কমাণ্ড’ লৈ আহিছে। ক’ব্ৰা কমাণ্ড’ লৈ আহি এইবিলাক কৰিব নালাগেটো। হাবিয়ে-জংঘলে, খাইছে নাখাইছে ল’ৰাবিলাক ঘূৰি ফুৰিছে। তাত সিহঁতে খেদি খেদি আহিছে।…লৈছে আমাৰ অসমীয়া অ’ চিজনে।’

আনহাতে আত্মৰক্ষামূলক কাৰণত নহ’লে অসম আৰক্ষীক আক্ৰমণ নকৰাৰ বাবে ৫ বছৰ আগতেই আলফাৰ সাধাৰণ সভাত সিদ্ধান্ত লোৱা বুলি সদৰী কৰি পৰেশ অসমে কয় যে ‘যোৱা ৬ টা বছৰে আমি অসম আৰক্ষীৰ ওপৰত কোনো ধৰণৰ আক্ৰমণেই কৰা নাই। যদিও আমাৰ সামৰ্থ্য আছে। কাৰণ আমি জানো আমাৰ নিজৰেই মানুহ, নিজৰেই ভাই-ককাই, নিজৰেই ভতিজা, অসমৰ সন্তান।’

‘নীতি’গতভাৱে অসম আৰক্ষীক আলফাই কেতিয়াও শত্ৰু বুলি ভবা নাই আৰু নাভাবে বুলি উল্লেখ কৰি সেনাধ্যক্ষজনে কয় যে ‘অসম আৰক্ষীক আক্ৰমণ কৰাৰ পৰিকল্পনা আমাৰ কেতিয়াও নাছিল। অসম আৰক্ষী আমাৰ শত্ৰু নহয়। অসম আৰক্ষীৰ যিমানবিলাক কৰ্মচাৰী বা বিষয়া আছে তেওঁলোক সকলোৱেইটো কম-বেছি পৰিমাণে অসম মাতৃৰ সন্তান। সকলোৱেই থলগিৰী মানুহ।’

উল্লেখযোগ্য যে ৪ মে’ৰ আবেলি ৪ মান বজাত অসম-অৰুণাচল সীমান্তৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ কুজুপথাৰ গাঁৱত ভাস্কৰ কলিতাৰ নেতৃত্বত যোৱা অসম আৰক্ষী আৰু চি আৰ পি এফৰ ক’ব্ৰা বেটেলিয়নৰ সংঘৰ্ষত তিনিগৰাকী আলফা (স্বাঃ)ৰ সদস্যৰ লগতে আৰক্ষী বিষয়া কলিতা নিহত হৈছিল। নিহত আলফা সদস্যকেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও নিহতসকলৰ এগৰাকীক আলফা সদস্য ‘জান অসম’ৰ পত্নী বুলি সন্দেহ কৰা হৈছে।

আনহাতে আলফা সদস্যসকলে আশ্ৰয় লৈ থকা কুজুপথাৰৰ ঘৰটোৰ মুৰব্বী ৰঞ্জন বৰা আৰু তেওঁৰ ৬ বছৰীয়া কন্যাগৰাকী সন্ধানহীন হৈ আছে।

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীয়ে এলেকাটোত আলফাবিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত আতংক বিয়পি পৰিছে।

আনহাতে আজি ৪ মে’ৰ পুৱাই সেনাবাহিনীয়ে আলফা সদস্য জান অসমৰ দুই ভাতৃ গণেশ বৰুৱা আৰু মালী বৰুৱাক তিনিচুকীয়াৰ ২নং কণাই পথাৰ নতুন গাঁৱৰ ঘৰৰ পৰা উঠাই লৈ যোৱা বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যোৱা ৩ মে’ত এক সংবাদমেলত ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd