• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ থলুৱা ভাষাক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে তৎপৰতাৰে ব্যৱস্থা লওক : প্ৰমোদ বড়ো

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 30, 2018 9:52 pm
AssameseLanguage
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ২০১১ চনৰ ভাষা-ভিত্তিক লোকপিয়লৰ তথ্য প্ৰকাশ হোৱাৰ পিছত অসমৰ বিভিন্ন থলুৱা ভাষাভাষীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ ছবি পোহৰলৈ অহাত সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই লোকপিয়লৰ তথ্য মতে ৰাজ্যখনৰ প্ৰধান ভাষা অসমীয়াকে ধৰি বড়ো, ৰাভা আৰু চাওঁতালী ভাষা কোৱা মানুহৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অসমত বৃদ্ধি পাইছে বাংলাভাষী আৰু হিন্দীভাষী মানুহৰ সংখ্যা।

বিভিন্নজনে অসমৰ থলুৱা ভাষাবোৰৰ এই অৱস্থাত দুশ্চিন্তা প্ৰকাশ কৰা দেখা গৈছে। ভাষা-ভিত্তিক লোকপিয়লৰ এই তথ্য প্ৰকাশ পোৱাৰ পাছত নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে। নৰ্থ-ইষ্ট নাও সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বড়োৱে কয়, “অসমত অসমীয়া, বড়োকে ধৰি আন থলুৱা ভাষাভাষীৰ সংখ্যা কমি অহাটো অত্যন্ত চিন্তনীয়। গতিকে চৰকাৰে সময় থাকোতেই এই ক্ষেত্ৰত তাৎক্ষনিকভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে। চৰকাৰৰ লগতে অসমৰ জাতীয় দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহেও এই বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

Apply Now

বড়োৱে থলুৱাৰ ভাষাসমূহক সংকটৰ গৰাহৰ পৰা উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰক আগন্তুক বাজেট অধিৱেশনত বিষয়টো উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

ইয়াৰ উপৰি তেওঁ কয়, “অসমীয়াভাষী বা বড়োভাষীৰ সংখ্যা হ্ৰাস পোৱা মানেই হ’ল আমাৰ এই ভাষাকেইটা কোৱা মানুহৰ জনসংখ্যা কমিছে। তাৰ বিপৰীতে বাংলা আৰু হিন্দী ভাষা কোৱা মানুহৰ সংখ্যা অসমত বৃদ্ধি পাইছে। এই সমস্যাটো একেদিনাই সমাধান কৰিব পৰা নাযাব। বাংলাভাষী বা হিন্দীভাষী মানুহক তেওঁলোকৰ মাতৃভাষাৰ সলনি আমাৰ ভাষা জোৰকৈ জাপি দি ক’বলৈ বাধ্য কৰাই এই সমস্যা সমাধান কৰিব পৰা নাযাব। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ লগতে দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে পদক্ষেপ গ্ৰহণ কৰিবই লাগিব।”

তেওঁ লগতে অসমত সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষা আৰু বড়ো বসতিপ্ৰধান অঞ্চলত বড়োভাষা বাধ্যতামূলক কৰাৰ দাবী জনায়। তেওঁ কয় যে চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে যদি অসমীয়া বা বড়ো ভাষা বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰে তেতিয়া অসমীয়াভাষী বা বড়োভাষীৰ সংখ্যা বৃদ্ধি পাব।

এবছুৰ সভাপতিজনে লগতে কয়, “থলুৱা ভাষা কোৱা মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত এতিয়াই বিশেষ সমস্যাৰ সৃষ্টি হোৱা নাই যদিও অদূৰ ভৱিষ্যতে আমাৰ অস্তিত্বৰ প্ৰতি যে ভাবুকি আহিব সেয়া নিশ্চিত।”

ইয়াৰ উপৰি তেওঁ হিন্দীভাষী আৰু বাংলাভাষী মানুহৰ অসমলৈ প্ৰব্ৰজন বৃদ্ধি পোৱাৰ ফলতেই এই দুটা ভাষা কোৱা মানুহৰ সংখ্যা বাঢ়িছে বুলি মন্তব্য কৰে। তেওঁ ইয়াৰ আঁৰৰ যুক্তি হিচাপে কয় যে কোনো অসমীয়া বা বড়োভাষা কোৱা মানুহে বাংলা বা হিন্দী নকয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd