‘ভাৰত-ভূটান সীমান্তৰ ৪ খন জিলাক সামৰি অসমত কেন্দ্ৰই ২৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেন যুক্ত এক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব। বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমতি লাভ কৰাৰ পাছতে এই পথৰ কাম আৰম্ভ হ’ব। এই নতুন আঁচনিয়ে অঞ্চলটোৰ যোগাযোগৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব’। এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
আজি বাক্সা জিলাৰ নিকাছিত জ্ঞানপীঠ স্নাতক কলেজত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱালে আৰু কয় যে ভাৰত-বাংলাদেশ, ভাৰত-ভূটান সীমান্তত অৱস্থিত কাছাৰ, কৰিমগঞ্জ, দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, আৰু ওদালগুৰি জিলাৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই অঞ্চলৰ লোকসকল যাতে কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকে তাৰ বাবে আমাৰ চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উপৰি আন্তঃৰাজ্যিক সীমান্তৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰই পুঁজি মুকলি কৰি দিয়া বুলিও জনায় মুখ্য মন্ত্ৰী সোণোৱালে। তেওঁ লগতে কয় যে সীমান্ত এলেকাৰ যুৱক-যুৱতীৰ মনত শক্তিশালী চেতনা বোধ জাগ্ৰত কৰি তেওঁলোকক আগুৱাই নিব লাগিব।
সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মনত উন্নয়নমুখী ধাৰণা এটা গঢ় দিয়াৰ ক্ষেত্ৰত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ভূমিকাক প্ৰশংসা কৰাৰ লগতে সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব বুলিও সোণোৱালে এই সভাত উল্লেখ কৰে।