• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসৎ প্ৰক্ৰিয়াৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে ই ডিৰ অভিযোগনামা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2018 10:13 am
Untitled-design-18-2

ফাইল ফটো : মহৎ তালুকদাৰ

106
VIEWS
Share on FacebookShare on Twitter

অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে দাখিল কৰিছে অভিযোগনামা। ইতিমধ্যে কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰত থকা মহৎ তালুকদাৰৰ বিৰুদ্ধে ই ডিয়ে ‘পি এম এল এ’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰু প্ৰাথমিক তদন্তৰ পাছত বৃহস্পতিবাৰে ই ডিয়ে তেওঁৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে।

জানিব পৰা মতে ই ডিয়ে দাখিল কৰা অভিযোগনামাত তালুকদাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হোৱাত পুনৰ এবাৰ চৰ্চালৈ আহিছে অসৎ উপায়েৰে উপাৰ্জন কৰা মহৎ।

তথ্য অনুসৰি গুৱাহাটীৰ পাণবজাৰস্থিত ষ্টেট বেংক শাখাত তালুকদাৰৰ এটা দৰমহা একাউণ্ট আৰু এটা জমা একাউণ্ট আছে। এই একাউণ্ট দুটাত দৰমহাৰ উপৰি সোমাইছিল ব্যাপক হাৰত ধন। একাউণ্ট দুটাত সোমোৱা ধনৰ উৎসৰ তথ্য দিয়াত ব্যৰ্থ হৈছে তালুকদাৰ।

ইয়াৰ উপৰি ফিক্সড ডিপ’জিট একাউণ্টত থকা ১৫ লাখ টকাৰ উৎস সম্পৰ্কতো কোনো ধৰণৰ তথ্য ভিত্তিক প্ৰমাণ দিব নোৱাৰিলে প্ৰাক্তন ডিএফঅ’ গৰাকীয়ে। দুয়োটা একাউণ্টতে জমা হৈ থকা মুঠ ২ কোটি ৯০ হেজাৰ টকাৰ  উৎস জনাব নোৱাৰা এইজন ভ্ৰস্ত লোকৰ বিৰুদ্ধে ই ডিৰ গোচৰত আইন তথা আদালতে কি ৰায় প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব।

মন কৰিবলগীয়া যে ২০১৬চনৰ ১৩ জুনত দুৰ্নীতি নিৰীক্ষন আৰু তদাৰকী কোষৰ হাতত এখন চালান বিহিন ট্ৰাকৰ চালকৰ পৰা ৩০হাজাৰ টকাৰ উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈছিল মহৎ তালুকদাৰ। ইয়াৰ পিছতে ৰাজ্যবাসী স্তম্ভিত হৈছিল তালুকদাৰৰ সম্পত্তিৰ তালিকা দেখি। দুৰ্নীতি নিবাৰক শাখাই তালুকদাৰৰ ঘৰৰ পৰা প্ৰায় ২.৭১ কোটি টকা, ৯৪৫.৫৬৩ গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd