• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকাশবাণী ডিব্ৰুগড়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 24, 2018 11:37 am
IMG-20180223-WA0050-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই কয় যে আকাশবাণী ডিব্ৰুগড়ে ১৯৬৯ চনৰ ফেব্ৰুৱাৰীত ইয়াৰ স্থাপনা কালৰে পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ নাগৰিকসকলৰ মাজত বুজাবুজি আৰু ভাতৃত্ববোধৰ এক পৰিৱেশ সৃষ্টি কৰি আহিছে।

শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ চৌহদত আকাশবাণীৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ড০ শইকীয়াই এইদৰে কয়।

Apply Now

চমু অথচ সাৰগৰ্ভ ভাষণত তেওঁ আশা ব্যক্ত কৰে যে অনাগত ভৱিষ্যততো কেন্দ্ৰটোৱে সমাজলৈ ইয়াৰ সেৱা আগবঢ়াই যাব।

ইয়াৰ পূৰ্বে আকাশ বাণী ডিব্ৰুগড়ৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপন ৰাতিপুৱা বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা হয়।

ৰাতিপুৱা ৫-৩০ বজাত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ চৌহদলৈ প্ৰায় ৬ কিলোমিটাৰ দূৰত্ব সামৰি এক ‘’শান্তিৰ বাবে দৌৰ’’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

এই দৌৰ কাৰ্যসূচী মুকলি কৰে চিআৰপিএফৰ ১৭১ বেটেলিয়নৰ কমাণ্ডেন্ট প্ৰদ্যুন্ম কুমাৰ, আকাশবাণীৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপ সঞ্চালক ৰাজীৱ বৰুৱা, ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যালয় মুৰব্বী এ কে মিশ্ৰ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যসূচী মুৰব্বী লোহিত ডেকাই।

এই শান্তিৰ দৌৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়াসকলৰ লগতে অংশগ্ৰহণ কৰে গুড মৰ্নিং ইণ্ডিয়া ক্লাৱৰ সদস্যসকল, ডিএইচ এছ কে কানৈ কলেজৰ শিক্ষক আৰু ছাত্ৰসকল, ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰসকল গ্ৰাহাম বজাৰ ছোৱালী হাইস্কুলৰ ছাত্ৰীসকল, গ্ৰাহাম বজাৰ ল’ৰা হাইস্কুলৰ ছাত্ৰসকলৰ লগতে পাব্লিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে।

দৌৰত অংশগ্ৰহণ কৰাৰ বাবে  ডিব্ৰুগড়ৰ পাব্লিক স্কুলৰ বিশেষভাৱে সক্ষম ছাত্ৰক সম্বৰ্দ্ধনা জনোৱা হয়।

ইয়াৰ পিছতে ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰটোৰ প্ৰথম ঘোষক আৰু বিশিষ্ট সংগীতজ্ঞ আৰু ইটানগৰ আকাশবাণী কেন্দ্ৰৰ কাৰ্যসূচী মুৰব্বী জে বি নাবাম।

সন্ধিয়া অনুষ্ঠিত বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ উপৰি উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তিৰ লগতে এক বৃহৎ সংখ্যক ৰাইজ।

নিশা ‘’লোক সংগীত মাধুৰী’’ নামৰ লোক সংগীতৰ ৰিয়েলিটি শ্ব’ৰ বিজয়ীসকলক সম্বৰ্দ্ধনা জনোৱা হয়।

 

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd