আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত এইবাৰ উজলি উঠিল এজন অসম সন্তান তথা অসমৰ এজন কৃষক।
উল্লেখযোগ্য যে কৃষিক্ষেত্ৰ আৰু অসমৰ থলুৱা ধানৰ বীজ সংৰক্ষণৰ এক প্ৰশংসনীয় পদক্ষেপৰ জৰিয়তে মার্কিন যুক্তৰাষ্ট্রৰ দুটাকৈ সংবাদ মাধ্যমত চৰ্চিত হৈছে অসম তথা যোৰহাট জিলাৰ ভিতৰুৱা অঞ্চল মেলেং কাঠগাঁৱৰ বাসিন্দা মহান বৰা।
মন কৰিব লগীয়া যে কেলিফর্নিয়াৰ বিশ্বৰ অন্যতম প্রখ্যাত ৰিছম’ণ্ড গ্র’জ ছীড লাইব্রেৰীয়ে প্রকাশ কৰা ‘কুল বীনছ’ নামৰ নিউজলেটাৰত অসমৰ প্রথমজন কৃষক হিচাপে মহান বৰা আৰু তেওঁৰ অন্নপূর্ণা ছীড লণ্ডিং লাইব্রেৰীয়ে স্থান পাইছে।
আনকি প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় নিউজলেটাৰখনে এপ্ৰিল মাহৰ সংখ্যাত অসম সন্তান মহান বৰাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ কৰাৰ লগতে ‘গ্র’বিং কমিউনিটি এডিশ্যন’ শীর্ষক বিশেষ সংখ্যাত বিশ্বৰ আন বহুকেজন বিশেষ ব্যক্তিৰ সৈতে স্থান লাভ কৰিছে।
একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মুখ্য কাৰ্যালয় থকা আই বি এণ নামৰ উদ্যোগ গোষ্ঠীটোৰ অন্যতম অংশ ‘ৱেডাৰ ডট কম’ নামৰ ৱেবছাইটৱে ‘ৰাইচ ফিল্ডছ ইন আছাম’ শীর্ষক লেখাটোত মহান বৰাৰ বিষয়ে প্রকাশ কৰিছে।
উল্লেখযোগ্য যে পৈতৃক সম্পত্তি ৰূপে লাভ কৰা মাটিতে মহান বৰাই নিজা প্ৰচেষ্টাৰে ২০১১ চনত আৰম্ভ কৰিছিল ‘অন্নপূর্ণ বীজ সংৰক্ষণ ভঁৰাল’৷ আৰু এই ভঁৰালত মহান বৰাই প্ৰায় ২৫০ বিধ থলুৱা ধানৰ বীজ সংৰক্ষণ কৰিছে।
আশ্বৰ্যজনক কথা যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দুটাকৈ সংবাদ মাধ্যমে অসমৰ মহান বৰাৰ এই চেষ্টাৰ বাবে বিশ্বত চিনাকি কৰি দিয়াৰ বাবে পদক্ষেপ লোৱাৰ বিপৰীতে অসমৰে মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ কৃষি বিভাগটোৱে এতিয়ালৈকে মহান বৰাৰ কোনো খবৰ লোৱা নাই আৰু কোনো ধৰণৰ সহায় সহযোগিতাও আগবঢ়োৱা নাই।