ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জনজাতীয় মূলৰ লোকক হিন্দু শ্ৰেণীলৈ অনাৰ প্ৰয়াস দেখা গ’ল দেওবাৰে গুৱাহাটীত উগ্ৰ হিন্দু জাতীয়তাবাদী সংগঠনটোৰ মুৰব্বীগৰাকীৰ সৈতে একেলগে ১২ গৰাকীকৈ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় ৰজাক মঞ্চত উপবিষ্ট কৰাই লোৱা প্ৰচেষ্টাৰ মাজত ।
গোভা, জয়ন্তীয়া, কাৰ্বি, গাৰো, নাগা আৰু খাচীকে সম্প্ৰদায়ৰ বাৰ গৰাকীকৈ জনজাতীয় ৰজাক আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে উগ্ৰ হিন্দুত্ববাদী সংগঠনটোৱে আয়োজন কৰা খানাপাৰাৰ লইতপৰীয়া হিন্দু সমাৱেশত একেলগে বহা দেখা গ’ল।
‘’সন্মান সহকাৰে আমাক কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰাৰ বাবে আমি সেই নিমন্ত্ৰন গ্ৰহণ কৰি ইয়ালৈ আহিছো,’’ – গোভা ৰজাৰ সহযোগী এগৰাকীয়ে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।
উত্ৰ-পূবৰ বেছিভাগ জনজাতীয় জনগোষ্ঠীয়ে মূলতে সম্প্ৰদায়ৰ নিজস্ব ধৰ্মত বিশ্বাস কৰে যাৰ হিন্দুকে ধৰি আন ধৰ্মৰ দৰে কোনো লিখিত গ্ৰন্থ নাই।
তাৎপৰ্যপূৰ্ণভাৱে, কেইজনমান সত্ৰাধিকাৰো সমাৱেশত উপস্থিত হৈ মোহন ভাগৱতৰ সৈতে মঞ্চত একেলগে বহা দেখা গ’ল। মোহন ভাগৱতে তেওঁৰ ভাষণত অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগ উল্লেখ কৰে।
সত্ৰসমূহ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ শিষ্যসকলে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যিটো হিন্দুত্ব আদৰ্শৰ পৰা বহু পৃথক। সত্ৰৰ মুৰব্বীসকলক সত্ৰাধিকাৰ বুলি কোৱা হয়।
‘’শংকৰদেৱে কৈ গৈছে যে মানুহে ভাৰতত পূৰ্ব জন্মৰ পূণ্যৰ ফলতহে ভাৰতত জন্মগ্ৰহণ কৰে,’’-ভাগৱতে কয়।
সমাৱেশত ভাষণ দি আৰএছএছৰ উত্তৰ অসম গোটৰ বিষয়ববীয়া ড০ উমেশ চক্ৰৱৰ্তীয়ে লাচিত বৰফুকনৰ প্ৰসংগ টানি আনে।