• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2025 11:26 am
244
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ স্বাস্থ্য সেৱাৰ অন্যতম স্তম্ভ হিচাপে প্ৰতিষ্ঠা হোৱা এইমছ সদৃশ ২৩টা প্ৰতিষ্ঠানে যোৱা কেইবছৰমানৰ পৰা ভয়াৱহ জনশক্তিৰ সংকটৰ সন্মুখীন হৈছে। ১৩ আগষ্টত সংসদত স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২০টা এইমছ সদৃশ প্ৰতিষ্ঠানৰ মুঠ ৪২৯ গৰাকী চিকিৎসকে পদত্যাগ কৰিছে। বাকী তিনিটা প্ৰতিষ্ঠান এতিয়াও কাৰ্যক্ষম হোৱা নাই।

এই সময়ছোৱাত কেৱল এইমছ-দিল্লীৰ পৰাই ৫২ গৰাকী চিকিৎসকে পদত্যাগ কৰিছে। এইমছ-ঋষিকেশত ৩৮গৰাকী, এইমছ-ৰাইপুৰত ৩৫গৰাকী আৰু এইমছ-বিলাসপুৰ (হিমাচল প্ৰদেশ)ত ৩২গৰাকী চিকিৎসকে চাকৰি এৰিছে।

Apply Now

উল্লেখ্য যে বাজপেয়ী চৰকাৰৰ দিনত পৰিকল্পিত ছটা প্রতিষ্ঠানৰ বাহিৰে বাকী আটাইকেইটা প্রতিষ্ঠান ২০১৪ চনৰ পাছত স্থাপন কৰা হৈছিল আৰু ইয়াৰে অধিকাংশই যোৱা দুই-তিনি বছৰতহে কার্যক্ষম হৈ উঠিছে৷

কেন্দ্ৰীয় গৃহ আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাধৱে কয় যে চিকিৎসকসকলে “ব্যক্তিগত আৰু পেছাদাৰী কাৰণ”ৰ অজুহাত দি পদত্যাগ কৰিছে। অৱশ্যে পদত্যাগৰ উচ্চ হাৰ ৰোধ কৰিবলৈ চৰকাৰে কোনো নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে তেওঁ জনোৱা নাই।

স্বাস্থ্য মন্ত্ৰালয়ৰ আন এক তথ্য অনুসৰি (৫ আগষ্ট তাৰিখৰ উত্তৰ ) ২০২৪-২৫ বৰ্ষৰ বাবে অনুমোদিত চিকিৎসক শিক্ষক পদৰ এক তৃতীয়াংশতকৈ অধিক এতিয়াও খালী হৈ আছে। এইমছ-মাদুৰাইত ৭৩%, ৰাজকোটত ৬০% আৰু বিলাসপুৰত ৫৩% শিক্ষক পদ খালী।

খালী পদ পূৰণৰ বাবে মন্ত্ৰালয়ে কয় যে চৰকাৰী প্ৰতিষ্ঠানত শিক্ষকতাৰ অভিজ্ঞতা থকা অৱসৰপ্ৰাপ্ত অধ্যাপক, অতিৰিক্ত অধ্যাপক আৰু সহযোগী অধ্যাপকসকলক চুক্তিবদ্ধ ভিত্তিত নিযুক্তি দিয়াৰ সুযোগ দিয়া হৈছে, যাৰ বয়স সৰ্বোচ্চ ৭০ বছৰ। ইয়াৰ উপৰিও চৰকাৰী মহাবিদ্যালয়ত কৰ্মৰত অধ্যাপকসকলকো অতিৰিক্ত দায়িত্ব হিচাপে ভিজিটিং ফেকাল্টী হিচাপে নিযুক্তি দিব পাৰে। ইয়াৰ বাবে এখন বিশেষ বাছনি সমিতি গঠন কৰা হৈছে। কিন্তু শিক্ষকৰ অভাৱৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন হৈছে।

আনহাতে, কেৱল শিক্ষকেই নহয়, অশিক্ষক কৰ্মীৰো তীব্ৰ নাটনি হৈছে। এইমছ-মাদুৰাইত ৯৬% অশিক্ষক কৰ্মীৰ পদ খালী, ৰাজকোটত ৫৬% আৰু গুৱাহাটীত ৪৮% পদ খালী। আটাইতকৈ পুৰণি এইমছ-দিল্লী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত খালী পদৰ উপৰিও অস্ত্ৰোপচাৰৰ বাবে ৰোগীৰ দীঘলীয়া অপেক্ষাৰ তালিকা প্ৰস্তুত হৈ আছে।

যোৱা ২৯ জুলাইত সংসদত জনোৱা হৈছিল যে ৰোগীয়ে এইমছ-দিল্লীত কাৰ্ডিঅ’-থ’ৰেচিক ভেছকুলাৰ চাৰ্জাৰী (হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ৰক্তবাহী নলীৰ অস্ত্ৰোপচাৰ) আৰু নিউৰ’চাৰ্জাৰীৰ বাবে প্ৰায় দুবছৰ অপেক্ষা কৰিব লগা হৈছে। গেষ্ট্ৰ’-ইণ্টেষ্টাইনেল অস্ত্ৰোপচাৰৰ বাবে অপেক্ষাৰ সময় ৩ৰ পৰা ৬ মাহ। আনকি স্ত্ৰীৰোগ বিভাগৰ কৰ্কট ৰোগত আক্ৰান্ত এজন জৰুৰীকালীন ৰোগীয়েও অস্ত্ৰোপচাৰৰ বাবে তিনিমাহ অপেক্ষা কৰিবলগীয়া হয়। সাধাৰণ অস্ত্ৰোপচাৰৰ বাবে অপেক্ষাৰ সময় দুমাহ।

পৰিসংখ্যা অনুসৰি বৰ্তমান ৬৯০ জন ৰোগীয়ে চিটিভিএছ অস্ত্ৰোপচাৰৰ বাবে অপেক্ষা কৰি আছে, ১৩২৪ জন নিউৰ’চাৰ্জাৰীৰ বাবে, ৩০৫ জন অংক’লজীৰ অস্ত্ৰোপচাৰৰ বাবে আৰু ২৮ জন ৰোগীয়ে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ বাবে কক্লিয়াৰ ইমপ্লাণ্ট অস্ত্ৰোপচাৰৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে চকু, ই এন টি, শিশু, বাৰ্ণ এণ্ড প্লাষ্টিক চাৰ্জাৰী, ইউৰ’লজী আৰু দন্ত চিকিৎসা বিভাগত কোনো অপেক্ষাৰ তালিকা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰালয়ে কয় যে মানৱ সম্পদৰ লগতে আন্তঃগাঁথনিৰ অভাৱো এই সংকটৰ অন্যতম কাৰণ। ৰোগীৰ বোজা বৃদ্ধি আৰু অপাৰেচন থিয়েটাৰৰ সংখ্যা সীমিত হোৱাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে দেশৰ শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ গুণগত মান আৰু আস্থা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd