• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছলাম ধৰ্মত জনসংখ্যা নিয়ন্ত্ৰণ কৰাত কোনো বাধা নাই : ডাঃ ইলিয়াছ আলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 7, 2018 9:47 pm
Dr.IliasAli

ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাংগঠনিক সভাত ভাষণৰত অৱস্থাত চিকিৎসক ডাঃ ইলিয়াছ আলী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ইছলাম ধৰ্মত জনসংখ্যা নিয়ন্ত্ৰণত কোনো বাধা নাই, পৰিয়াল পৰিকল্পনা ইছলামত নাই বুলি চলোৱা প্ৰচাৰ ভুল।” এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে ডাঃ ইলিয়াছ আলীয়ে। তেওঁ লগতে কয় যে ইছলাম ধৰ্মত পৰিয়াল পৰিকল্পনা নাই বুলি যি ভুল ধাৰণা আছে সেইটো দূৰ কৰিব লাগে।

গুৱাহাটীৰ মালিগাৱঁৰ ৰং ভৱনত চলি থকা ৰাজ্যিক বিজেপিৰ মৰ্চা সন্মিলনৰ আজি অনুষ্ঠিত সংখ্যালঘু মৰ্চাৰ সাংগঠনিক সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ ইলিয়াছ আলীয়ে সভাত উপস্থিত মুছলমান সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি এইদৰে কয়।

Apply Now

“ইছলাম ধৰ্মত জনসংখ্যা নিয়ন্ত্ৰণ কৰাত কোনো বাধা নাই। ইছলাম ধৰ্মৰ আৰম্ভণিৰে পৰা পৰিয়াল পৰিকল্পনা ব্যৱস্থা আছে। কন্যা সন্তানক ১৮ বছৰৰ আগত বিয়া নিদিয়া অথবা, ল’ৰাটোক ২১ বছৰৰ আগতে বিয়া কৰাবলৈ অনুমতি নিদিয়াটো পৰিয়াল পৰিকল্পনাৰ অংশ। কন্যা সন্তানক বিদ্যালয়লৈ নপঠিয়ালে পৰিয়াল পৰিকল্পনাত ব্যৰ্থ হ’ম।” এইদৰে কয় ডাঃ আলীয়ে।

তেওঁ এইসমূহ কথা চৰ-চাপৰি অঞ্চলসমূহলৈকে লৈ যোৱাৰ কাৰণে তাত বসবাস কৰা লোকসকল পৰিয়াল পৰিকল্পনাৰ প্ৰতি আগ্ৰহী হোৱা বুলি সভাখনত সদৰী কৰে।

তেওঁ উদাহৰণ দি কয়, “২০০৯ চনত ধুবুৰীত মহিলাসকলৰ সন্তান আছিল গড়ে ৪টা। বৰ্তমান এই হাৰ কমি গৈ ২.৬ টা হৈছে। বিহাৰত এই হাৰ হৈছে ৩.৪টা আৰু উত্তৰ-প্ৰদেশত হৈছে ৩টা।

“সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল কাৰণ হৈছে জনসংখ্যা বৃদ্ধি।” এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ লগতে কয়, “এই বৃদ্ধিক যিকোনো প্ৰকাৰে প্ৰতিৰোধ কৰিব লাগিব। জনসংখ্যা প্ৰতিৰোধ কৰিব নোৱাৰিলে দেশখনক আগুৱাই লৈ যাব নোৱাৰিম।”

যি দেশত বসবাস কৰা যায়, সেই দেশৰ নিয়ম-নীতি মানি চলাটো ইছলাম ধৰ্মৰ কৰ্তব্য বুলিও তেওঁ সভাত উপস্থিতসকলক কয়।

আনহাতে, ইছলামিক ধৰ্মগ্ৰন্থ কোৰাণ-হদিচত ‘যি দেশত বসবাস কৰা যায়, সেই দেশৰ নিয়ম-নীতি মানি চলিব লাগে।‘ বুলি লিখা আছে বুলিও মন্তব্য কৰে ডাঃ আলীয়ে।

ইয়াৰোপৰি “মুছলিম সমাজত সৰুতে ছোৱালী বিলাকক বিয়া দিয়ে।” বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে কয়, “কিন্তু হদিচ আৰু কোৰাণত সেই কথা উল্লেখ নাই। ভাৰতৰ আইনমতে ১৮ বছৰৰ তলৰ কোনো ছোৱালীকে বিয়া দিব নোৱাৰি। কিন্তু দুৰ্ভাগ্যৰ কথা ভাৰতত থাকিয়েই ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া দি দিছে। ইয়াৰ অৰ্থ এইটোৱেই যে যিখন দেশত বসবাস কৰিছে সেই দেশৰ নীতি নিয়মৰ বিৰুদ্ধে গৈছে।”

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত পূৰ্বতে এক ভুল ধাৰণা আছিল কৈ তাৰ উদাহৰণ দাঙি ধৰি কয়, “পূৰ্বতে বিশ্বাস আছিল যে সন্তান আল্লাৰ দান। আল্লাৰ দানত বাধা দিয়াত কাৰো অধিকাৰ নাই। কিন্তু প্ৰকৃতাৰ্থত ইছলামিক ধৰ্মগ্ৰন্থত তেনেকৈ কোৱা হোৱা নাই। তাত কোৱা হৈছে সন্তান জন্ম দিলে সন্তানক খাবলৈ দিব পাৰিব লাগিব, পিন্ধিবলৈ দিব পাৰিব লাগিব তথা সু-নাগৰিক কৰি গঢ়ি তুলিব লাগিব। যদি কোনো মুছলমান লোক এইবোৰ নিয়ম পালন কৰাত অপৰাগ হয়, তেন্তে তেওঁ প্ৰকৃত মুছলমান হ’ব নোৱাৰে।”

আনহাতে, বাংলাদেশত বহু বছৰ পূৰ্বেই পৰিয়াল পৰিকল্পনা নীতি গাঁৱে-ভূঞে লৈ যাবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰি তেওঁ কয়, “১৯৬০ চনত ইণ্ডোনেছিয়াই পৰিয়াল পৰিকল্পনা তথা জনসংখ্যা নীতি গ্ৰহণ কৰিছিল, তাৰ মৌলানা-মৌলবীসকলে প্ৰথম অৱস্থাত বিৰোধ কৰিছিল। কিন্তু যেতিয়া প্ৰকৃত সত্যটো তেওঁলোকে অনুধাৱন কৰিব পাৰিলে তেতিয়া মচজিদে-মচজিদে তথা মাদ্ৰাছাই-মাদ্ৰাছাই জনসংখ্যা নীতিৰ প্ৰচাৰ চলোৱা আৰম্ভ কৰিলে। সেইকাৰণেই তেওঁলোকৰ সন্তানৰ হাৰ ভাৰতৰ তুলনাত কম।”

ইৰানতো ইচলাম ধৰ্মীয় নেতাই  ফতোৱা জাৰি কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰা বুলি তেওঁ উক্ত সভাতে উল্লেখ কৰে।

সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক বিজেপিৰ সৈতে হোৱা উক্ত সাংগঠনিক সভাত সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে মুখ্য কৰি সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক এছ এম আক্ৰাম, সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মমিনুল আৱাল, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মোক্তাৰ হুছেইন খান, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু জিলা-মণ্ডল মৰ্চাৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd