• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ক নোসোধাকৈ অনিশ্চয়তা ব্যক্ত কৰিলে কিয় প্ৰতীক হাজেলাই?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 18, 2018 9:37 pm
Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

124
VIEWS
Share on FacebookShare on Twitter

আজি নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মাধ্যমৰ আগত এন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা ৩০ জুনত প্ৰকাশৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে বুলি মন্তব্য কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখা গৈছে।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ এই গুৰুত্বপূৰ্ণ অৱস্থানৰ বিষয়ে উচ্চতম ন্যায়ালয়ক জনাইছে নে নাই বুলি সচেতন নাগৰিকে প্ৰশ্ন কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যিক সমন্বয়ক হ’লেও এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ঘোষণা উচ্চতম ন্যায়ালক নজনোৱাকৈ বা উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ প্ৰতীক হাজেলাই নিজৰ ফালৰ পৰা দিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত বানপানীৰ অজুহাত দেখুৱাই হাজেলাই আজি সংবাদ মাধ্যমক মুকলিকৈ আৰু নিজৰ ফালৰ পৰাই দ্বিতীয় খচৰা প্ৰকাশ সময়ত নহ’ব পাৰে বুলি মন্তব্য কৰি বিতৰ্কৰ লগতে সন্দেহৰ সৃষ্টি কৰিছে।

হাজেলাৰ এই আশংকাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নৰ্থ-ইষ্ট নাওক কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে। সময়সীমা সলনি কৰিব লগীয়া হ’লে উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব। যদি এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাব লাগিব।”

আন সচেতন নাগৰিকেও প্ৰশ্ন কৰিছে যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই কথাটো উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে নে নাই? যদি অৱগত কৰোৱা নাই তেওঁ ৩০ জুনত সম্পূৰ্ণ খচৰা প্ৰকাশক লৈ সন্দেহ ব্যক্ত কৰিলে কিয়?

ইপিনে প্ৰতীক হাজেলাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা অখিল গগৈয়েও। গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “এইটো এটা সাংঘাতিক কথা। নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰ পৰ্যায়ৰ (field level) কাম ইতিমধ্যে শেষ হৈছে। কেৱল কাৰ্যালয়ৰ কামহে বাকী আছে। কিন্তু তেনে ক্ষেত্ৰত প্ৰতীক হাজেলাই বানপানীৰ বাবে এন আৰ চিৰ কাম নিৰ্ধাৰিত সময়ত সমাপ্ত নহ’ব পাৰে বুলি কৰা মন্তব্য আশ্চৰ্যজনক।” গগৈয়ে লগতে বিজেপিয়ে বিচৰাৰ দৰে প্ৰতীক হাজেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম লেহেমীয়া কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে।

আনহাতে, এই বিষয়ে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, “যদি সঁচাকৈয়ে এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে তেতিয়া বেলেগ কথা, কিন্তু ই বাহানা হ’ব নালাগে।” তেওঁ লগতে কয় যে এতিয়া যিহেতু বাৰিষাৰ কাল গতিকে বানপানী আহিয়েই থাকিব, কিন্তু তাৰ ফলত যাতে কামটো পলম হৈ গৈ নাথাকে তাৰ ব্যৱস্থা নিশ্চিত হ’ব লাগে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd