• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ কেলেংকাৰিত পুনৰ গ্ৰেপ্তাৰ লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 1:40 pm
Guwahati- Basanta Doley produce court (2)
148
VIEWS
Share on FacebookShare on Twitter

পুনৰবাৰ গ্রেপ্তাৰ কৰা হৈছে অসম লোকসেৱা আয়োগৰ প্রাক্তন সদস্য বসন্ত কুমাৰ দলেক৷ আয়োগৰ জৰিয়তে এ চি এছ, এ পি এছ আৰু সহযোগী সেৱাৰ চাকৰিৰ নিযুক্তিত ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগত পূর্বে গ্রেপ্তাৰ হোৱা বসন্ত দলেক বৃহস্পতিবাৰে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ সময়তো ধনৰ লেনদেন কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে ৰাকেশ পালৰ কার্যকালত কৃষি বিভাগত নিযুক্তি দিয়া ২৭জন কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত এই অনিয়মৰ অভিযোগ আছে৷ বিদ্যুৎ বিকাশ দাস নামৰ এজন প্রার্থীক উক্ত সময়ত চাকৰি দিয়াৰ বাবে ৰাকেশ পাল বাহিনীয়ে ১৫ লাখ টকা দাবী কৰা বুলি ভঙাগড় আৰক্ষী থানাত ৰাকেশ পাল আৰু ভূমি সংৰক্ষণ বিভাগৰ কনিষ্ঠ অভিযন্তা মফিদুল ইছলামৰ নাম উল্লেখ কৰি এক গোচৰ দিছিল৷ আৰু এই গোচৰ সংক্রান্তত তেতিয়াৰ আয়োগৰ সদস্য বসন্ত দলেক আৰক্ষীয়ে তলব কৰিছিল৷ কালি দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱা বসন্ত দলেক আৰক্ষীয়ে কেইবা ঘণ্টাজুৰি মাৰাথন জেৰা কৰে।

ইফালে জেৰাৰ অন্তত সন্ধিয়া দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লক্ষ্যণীয় যে ২০১৪ চনত লিখিত আৰু ২০১৫ চনত মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱা পাছত নিযুক্তি দিয়া হৈছিল ২৭জন কৃষি উন্নয়ন বিষয়া৷

এই গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে প্রার্থীসকলৰ উত্তৰবহী জব্দ কৰি ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰিছিল৷ উত্তৰবহীত নম্বৰ সালসলনি কৰাৰ স্পষ্ট প্রমাণ লাভ কৰে৷ যিসকল প্রার্থীয়ে কৃষি উন্নয়ন বিষয়াৰ পদত নিযুক্তি লাভ কৰিছিল তেওঁলোকৰ উত্তৰবহীত নম্বৰ বৃদ্ধিৰো প্রমাণ লাভ কৰাৰ লগতে নম্বৰ দিয়া লোকৰ হস্তাক্ষৰ একাধিক থকাৰ কথাও স্পষ্ট হয়৷

পাছত আৰক্ষীয়ে আয়োগৰ তিনিওজন অধ্যক্ষ-সদস্য ৰাকেশ পাল, বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানৰ হস্তাক্ষৰৰ নমুনা ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰে৷ ফৰেনছিক বিজ্ঞানাগাৰৰ পৰীক্ষাত উত্তৰবহীত বসন্ত দলে আৰু ছামেদুৰ ৰহমানে প্রার্থীসকলৰ নম্বৰ বৃদ্ধি কৰাৰ কথা প্রমাণ হয়৷ তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক জেৰাৰ বাবে তলব কৰিছিল৷

আনহাতে এই গোচৰত ছামেদুৰ ৰহমানকো শীঘ্রে গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তাৰোপৰি বক্র পথেৰে চাকৰি লোৱা ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াও শীঘ্রে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd