কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কেইটামান হ’ল-
১। অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examinations): প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩১ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে।
২। ভাৰতীয় বন সেৱা পৰীক্ষা (Indian Forest Service Examination): প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয় । এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩১ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা দৰকাৰ। স্নাতক পৰ্যায়ৰ পৰীক্ষাত পশুচিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান আৰু প্রাণী বিজ্ঞান– এই বিষয়বোৰৰ যিকোনো এটা বিষয় থকা আৱশ্যক অথবা কৃষি, বন আৰু অভিযান্ত্রিক বিষয়ৰ স্নাতক হোৱা দৰকাৰ।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৩। অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination) : প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ২৯বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্রিক বিষয়ৰ অথবা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত Wireless Communications, Electronics, Radio Physics or Radio Engineeringক বিশেষ বিষয় হিচাপে লৈ উত্তীৰ্ণ হোৱাসকলেও কিছুমান নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিব পাৰে। অভিযান্ত্রিকৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৪। চিকিৎসা সেৱা পৰীক্ষা (Combined Medical Services Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে আগষ্টত মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জানুৱাৰি মাহত পৰীক্ষা পৰিচালনা কৰে।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ৩১বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই আছে।
শিক্ষাগত অৰ্হতা : এই পৰীক্ষাত বহাৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৫। সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination) : এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয়। এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে নৱেম্বৰ আৰু আগষ্ট মাহত বিজ্ঞাপন প্রকাশ কৰে। ফেব্ৰুৱাৰি আৰু নৱেম্বৰ মাহত পৰীক্ষা পৰিচালনা কৰে।
বয়সৰ সীমা : Indian Military Academyত ভৰ্তিৰ বাবে অবিবাহিত পুৰুষ প্রাৰ্থীৰ বয়স ১৯ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে।
Naval Academyত ভৰ্তিৰ বাবে অবিবাহিত পুৰুষ প্রাৰ্থীৰ বয়স ১৯ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে।
Air Force Academyত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ২০ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে।
Officers’ Training Academyত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯ৰ পৰা ২৫বছৰৰ ভিতৰত হ’ব লাগে।
শিক্ষাগত অৰ্হতা : Indian Military Academy আৰু Officers’ Training Academyত ভৰ্তিৰ বাবে প্রাৰ্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে।
Naval Academyত ভৰ্তিৰ বাবে প্রাৰ্থীজন অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে।
Air Force Academyত ভৰ্তিৰ বাবে প্রাৰ্থীজন পদাৰ্থ বিজ্ঞান/গণিত বিষয়লৈ অথবা অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে।
স্নাতক চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৬। সংযুক্ত ভূ-বিজ্ঞানী আৰু ভূতত্ত্ববিদ পৰীক্ষা (Combined Geo-Scientist and Geologists’ Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে মাৰ্চ মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুন মাহত পৰীক্ষা পৰিচালনা কৰে।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ২১ৰ পৰা ৩১ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা : Geologistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Geological Science or Geology or Applied Geology or Geo-Exploration or Mineral Exploration or Engineering Geology or Marine Geology or Earth Science and Resource Management or Oceanography and Coastal Areas Studies or Petroleum Geo Sciences or Petroleum Exploration or Geochemistry or Geological Technology or Geophysical Technology বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিব লাগিব।
Geophysicistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Physics/ Applied Physics/ Geophysics/ Applied Geophysics/ Marine Geophysics/Applied Geophysics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।
Chemistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Chemistry/Applied Chemistry/Analytical Chemistry বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।
Hydro-geologistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Geology/Applied Geology/Marine Geology/Hydro-geology বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।
স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৭। ভাৰতীয় অৰ্থনীতি/ পৰিসংখ্যা সেৱা পৰীক্ষা (Indian Economic Service/ Indian Statistical Service) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে মাৰ্চ মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুন মাহত পৰীক্ষা পৰিচালনা কৰে।
বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়স ৰেহাইৰ সুবিধা আছে।
শিক্ষাগত অৰ্হতা : Indian Economic Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Economics/Applied Economics/Business Economics/Econometric বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।
Indian Statistical Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics/Applied Statistics/Mathematical Statistics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।
স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
৮। ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমি পৰীক্ষা (National Defence Academy & Naval Academy Examination): এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয়। এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে জানুৱাৰি/ ফেব্ৰুৱাৰি আৰু জুন/ জুলাই মাহত বিজ্ঞাপন প্রকাশ কৰে। এপ্ৰিল আৰু চেপ্টেম্বৰ মাহত পৰীক্ষা পৰিচালনা কৰে।
বয়সৰ সীমা : প্রাৰ্থীৰ বয়স ১৬ৰ পৰা ১৯বছৰৰ ভিতৰত হ’ব লাগে।
শিক্ষাগত অৰ্হতা : সেনাবাহিনী শাখাত ভৰ্তিৰ বাবে প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে। আনহাতে বায়ু আৰু নৌ বাহিনীত ভৰ্তিৰ বাবে প্রাৰ্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে। দ্বাদশ শ্রেণী পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।
প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।
কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা এই সকলোবোৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন আয়োগৰ ৱে’বছাইট (http://upsc.gov.in)ৰ লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয়। কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আবেদন কৰিব লাগে। ইয়াৰ ৱে’বছাইট ঠিকনাটি হ’ল –www.upsconline.nic.in।
এই প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ ক’চিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায়। কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ক’চিং ল’বই লাগিব বুলি কোনো কথা নাই। ছাত্র-ছাত্রী সকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকতসমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব। ছাত্র-ছাত্রীসকলে ইন্টাৰনে’টৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব।
প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয়। সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs)। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো দৰকাৰ।
সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্ত্বেও ছাত্র-ছাত্রীসকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ হাৰ আন ৰাজ্যৰ তুলনাত কম হোৱা দেখা যায়। ছাত্র-ছাত্রীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি এইসমূহ পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশা কৰিব পাৰি।
লেখক জি.আই.এম.টি., গুৱাহাটীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক। তেখেতৰ ই মে’ইল ঠিকনা : [email protected]। কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ’ন (৯৪৩৫১৮৮৬৩০) কৰিব পাৰে।