কোকৰাঝাৰ চহৰৰ বাথৌ থানসালি’ত গৗথাৰ বাথৌ ছান দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ সদৌ বাথৌ মহাসভাৰ উদ্যোগত অহা ২৩ জানুবাৰীত উদযাপন কৰিবলগীয়া পৱিত্ৰ বাথৌ (গৗথাৰ বাথৌ ছান )দিৱসৰ কাৰ্যসূচী মতে ৰাতিপুৱা ৭.৩০ বজাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ অধ্যক্ষ মনোকুমাৰ ব্ৰহ্মৰ দ্বাৰা পতাকা উত্তোলন, ৰাতিপুৱা ৮.১৫ বজাত পূজা, ৮.৩০ বজাত প্ৰাৰ্থনা, ১০ বজাত বাথৌ সাংস্কৃতিক ৰেলী আৰু দুপৰীয়া ১২.৩০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব ৷
মুকলি সভাত মুখ্য অতিথি হিচাপে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰিব ৷ আনহাতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব দুলাৰায় বাথৌ গৌথুমৰ সভাপতি মণ্টু মুছাহাৰী, অসমৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম৷ মুকলি সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম আৰু লোকসভাৰ প্ৰাক্তন সাংসদ চানসুমা খুংগুৰ বিছমুথিয়াৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷
ইপিনে বৃহস্পতিবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ বাথৌ থানসালি’ত আয়োজন কৰা এক সংবাদমেলত উদযাপন সমিতিৰ অধ্যক্ষ মনোকুমাৰ ব্ৰহ্মই অহা ২৩ জানুৱাৰীত উদযাপন হবলগীয়া পৱিত্ৰ বাথৌ (গৗথাৰ বাথৌ ছান )দিৱসৰ কাৰ্যসূচীত সকলোকে অংশগ্ৰহন কৰিবলৈ আহ্বান জনাইছে ৷ তদুপৰি অহা ২৩ জানুৱাৰীত পৱিত্ৰ বাথৌ দিৱসৰ দিনটোত অসম চৰকাৰে ৰাজ্যিক বন্ধ ঘোষনা কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাইছে ব্ৰহ্মই ৷ সাংবাদিক মেলত মনোকুমাৰ ব্ৰহ্মই পৰৱৰ্তী পৰ্যায়ত যাতে কেন্দ্ৰীয় চৰকাৰেও পৱিত্ৰ বাথৌ দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষনা কৰে তাৰ বাবে বিটিচি কৰ্তৃপক্ষ আৰু অসম চৰকাৰক আগভাগ ল’বলৈ বিনম্ৰতাৰে আহবান জনাইছে।