• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেংটকত ২৩ কোটি টকা ব্যয়েৰে নিৰ্মিত প্ৰথমখন কিষাণ বজাৰ মুকলি

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
April 29, 2018 11:14 pm
KissanBazar

গেংটকত কিষাণ বজাৰ মুকলি কৰি থকা অৱস্থাত ছিকিমৰ কৃষি মন্ত্ৰী।

119
VIEWS
Share on FacebookShare on Twitter

আজি এটা আনুষ্ঠানিকতাৰ জৰিয়তে ছিকিমৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী সোমনাথ পৌদ্যালে গেংটকত ২২.৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যখনৰ প্ৰথমখন কিষাণ বজাৰ মুকলি কৰে।

সাতমহলীয়া এই বজাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীজনে কয় চৰকাৰে কৃষকসকল পোনপটীয়া বজাৰৰ লাভ দিবৰ বাবে আৰু তেওঁলোকক জৈৱিক কৃষিৰ বাবে উৎসাহিত কৰাৰ বাবে এই বজাৰ কেন্দ্ৰটো নিৰ্মাণ কৰিছে। “এই বজাৰখন সেইসকল কৃষকৰ বাবে খোলা আছে, যিসকলে নিজৰ জৈৱিক পদ্ধতিৰে উৎপাদিত কৃষিজাত সামগ্ৰী আৰু অন্যান্য জৈৱিক সামগ্ৰী বিক্ৰী কৰিব বিচাৰে। আগতে আমাৰ খেতিয়কসকলে লাল বজাৰৰ সৰু ঠাইত নিজৰ সামগ্ৰী বিক্ৰী কৰিছিল। কিন্তু আজিৰ পৰা তেওঁলোকে নিজৰ পাচলিবোৰ বিক্ৰী কৰিবলৈ এডোখৰ ভাল ঠাই পালে। এইটো আমাৰ জৈৱিক সামগ্ৰী অভিযানত এটা ডাঙৰ সংযোজন।” মন্ত্ৰীজনে কয়।

তেওঁ আৰু কয় যে তেওঁৰ বিভাগটোৱে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ বজাৰত বিক্ৰীৰ সুযোগ দি খেতিয়কসকলক তেওঁলোকৰ উৎপাদন আৰু আয় দুগুণ কৰাৰ বাবে উৎসাহিত কৰাৰ কথা ভাবি আহিছিল।

“মই নিশ্চিত যে এতিয়া ছিকিমৰ খেতিয়কে এই পোনপটীয়া বজাৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ জৈৱিক কৃষি সামগ্ৰীৰ বাবে উত্তম দাম পাবলৈ সক্ষম হ’ব। এইটোৱে তেওঁলোকক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিব।” মন্ত্ৰীজনে কয়।

আনহাতে আজিৰ উদ্বোধনৰ দিনটোতে বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে অহা কৃষকসকলক তেওঁলোকে চৰকাৰলৈ আগ বঢ়োৱা সমৰ্থনৰ বাবে পৌদ্যালে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে অতি সোনকালেই পূব ছিকিমৰ চিংটামত আন এখন এনেকুৱা কিষাণ বজাৰ স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে আজিৰ উদ্বোধনী দিনটোত নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ বিভিন্ন ঠাইৰ পৰা খেতিয়কসকল আহিব পৰাকৈ আৰু তেওঁলোকৰ সামগ্ৰী আনিব পৰাকৈ ২৮ খন গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। খেতিয়কসকলেও এই ব্যৱস্থাটোৰ বাবে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা দেখা গ’ল।

আজিৰ অনুষ্ঠানটোত নগৰ উন্নয়ন মন্ত্ৰী এন কে সুভা আৰু অন্যান্য বিষয়াসকল উপস্থিত আছিল।

Recent News

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd