• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 18, 2018 2:22 pm
97af9e63-4621-4754-a58e-ff468f791c79
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোলাঘাট গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে বুধবাৰে বোকাখাত আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে এখন এজাহাৰ দাখিল কৰে৷

কাজিৰঙাৰ হাইলেণ্ড নিৰ্মাণ আৰু অনান্য আঁচনিৰ ধন আত্মসাতৰ লগতে বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰা বুলি এক গোচৰ ৰজু কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

Apply Now

বোকাখাত থানাত দাখিল কৰা এজাহাৰৰ মতে বোকাখাত উন্নয়ন খণ্ড এলেকাৰ ২০খন গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ২০১৬-১৭ আৰু ২০১৭- ১৮  বৰ্ষত মুঠ ৪৭ কোটি টকা মোকলাই দিয়া হৈছিল। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে ধন আৱণ্টন হোৱাৰ পাছত বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, একাংশ কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়তৰ একাংশ সভাপতি আৰু সম্পাদকে বিষয়া উৎপল দলেৰ নেতৃত্বত ধন আত্মসাৎ কৰি ব্যাপক দুর্নীতি সংঘটিত কৰি আহিছে।

আনহাতে ২০১৮ বৰ্ষৰ ৩১ মার্চ পাৰ হৈ যোৱাৰ পাছতো বোকাখাতত বহুতো আঁচনি আধৰুৱা হৈ থকাৰ উপৰি কিছু আঁচনি ৰূপায়নেই নহ’ল। উৎপল দলেৰ নেতৃত্বত একাংশ ৰাজনৈতিক দলৰ নেতা পালি নেতাই এনৰেগা আঁচনিৰ কাম নকৰাকৈয়ে জব কাৰ্ডেৰে চৰকাৰী ধন উলিয়াই আত্মসাৎ কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বানপানীৰ সময়ত বন্য প্ৰাণীয়ে নিৰাপদে আশ্ৰয় ল’বৰ বাবে ২০১৬-২০১৭ বৰ্ষত ৮ টা হাইলেও নিৰ্মাণৰ বাবে গ্রামোন্নয়ন বিষয়া উৎপল দলে ৪ কোটিৰো অধিক ধন মোকলাই দিছিল। এই ধনৰাশি আৱণ্টন হোৱাৰ পাছতেই পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তে এটা হাইলেণ্ড নিৰ্মাণ কাম আৰম্ভ কৰে যদিও ৪৭ লাখ ৬ হাজাৰ ৯২৩ টকা খৰচ কৰাৰ পাছতো হাইলেওটো সম্পূৰ্ণ নহ’ল।

সেই দৰে মধ্য কাজিৰঙা গাঁও পঞ্চায়তে দুটা হাইলেও নিৰ্মাণ কৰাৰ বাবদ ৬১,২৯,১৪৪,০০ টকা খৰচ কৰে যদিও কাম একেবাৰে নিম্নমানৰ হয়৷ আনহাতে পূব কাজিৰঙা গাঁও পঞ্চায়তে ৩ টা হাইলেণ্ড নিৰ্মাণ কৰাৰ বাবদ ৩২,৩৯,৩৬৩.০০ টকা খৰচ কৰাৰ পাছতো অতি নিম্নমানৰ কাম কৰা বুলি অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

সংগঠনটোয়ে দাখিল কৰা এজাহাৰৰ মতে মৰিধনশিৰি গাঁও পঞ্চায়তখনে দুটা হাইলেণ্ড নিৰ্মাণৰ বাবদ ৫৮,৬৫,৬১৩ টকা খৰচ কৰিলে যদিও কাম একেবাৰে নিম্নমানৰ।

গ্রামোন্নয়ন বিষয়া উৎপল দলে আৰু বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভাপতি সম্পাদকৰ অবহেলাৰ বাবেই এনৰেগাৰ এই ৮ টা হাইলেণ্ড নিৰ্মান কাৰ্য ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে সম্পূর্ণ নহ’ল বুলি অভিযোগ তুলিছে সংগঠনটোৱে। তাৰ ফলত ২০১৭ চনৰ আগষ্ট মাহৰ বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২ টা গঁড় আৰু অন্যান্য প্ৰাণী সহিতে মুঠ ২০২ টা বনৰীয়া প্ৰাণী বানপানীত মৃত্যু হোৱা বুলি এজাহাৰত উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীৰ সুৰক্ষাৰ নামত বছৰে বছৰে টকা অনুমোদন দিয়াৰ পাছতো কিয় আজি পৰ্যন্ত উদ্যানখনৰ জীৱ-জন্তু সুৰক্ষিত নহয় তাকে লৈয়ো সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে।  সেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত বিষয়াসকলৰ ওপৰত বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিবৰ বাবে অনুৰোধ জনাই এজাহাৰ দাখিল কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd